“আচৰিত কিন্তু সঁচা”
অসমৰ এজন নিৰীক্ষৰ লোকে লিখিলে কেবাখনো গ্ৰন্থ।
জীৱনত এদিনৰ বাবেও বিদ্যালয় গৰকী নোপোৱা এইজন লোকৰ ঘৰ হৈছে দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ “তিত্কুছি” {ডাক ঘৰ , বুঢ়া} গাঁৱৰ “যতীন কুমাৰ “।
এইজন লোকৰ কৃত্বিত দেখি , দৰং জিলা সাহিত্য সভাৰ লগতে =দুনী, দিপীলা, বোনমাঝা, আন্ধেৰীঘাট , শাখা সমুহে মিলি “প্ৰেৰণাশ্ৰী” উপাধি প্ৰদান কৰে।
প্ৰেৰণাশ্ৰী শ্ৰীকুমাৰে ২০০৬চনত “বুক অৱ ৰেৰ্কড’ছ ” স্থান লাভ কৰে।
৯ খনকৈ উপন্যাস প্ৰকাশ হোৱাৰ উপৰিও অসমৰ কেবাখনো আগশাৰীৰ কাকত – আলোচনীত লেখা মেলা কৰা কুমাৰক দৰং জিলা সাহিত্য সভাই , জিলাখনৰ এজন বিশেষ ব্যক্তি হিচাপে চিনাক্ত কৰে। জীৱনৰ অভিজ্ঞতাৰ পৰা পোৱা শিক্ষা আৰু কঠোৰ অধ্যাৱসায়ে তেওঁৰ এই যাত্ৰাৰ মূল চাবি কাঠী আছিল ।
অসমীয়া বুক অব্ ৰেকৰ্ডছ ত স্থান প্ৰাপ্ত প্ৰৱল আত্মবিশ্বাসী শ্ৰী কুমাৰ দেৱৰ এই বেলি এখনি উপন্যাস আৰু কেইটিমান গল্প এনাজৰী.কম ( anazori.com )ত প্রকাশ কৰা হব । আপুনিও পঢ়ি চাব চোন ।