……অভিলাস দাস…..
“ আমাকে খোজো না তুমি- কতদিন আমিও তোমাকে খুজি নাকো- এক নক্ষত্ৰৰ নিচে তবু- একেই আলো পৃথিৱীৰ পাৰে “——-“ দুজন”, জীৱনানন্দ দাশ
মই জানো ।
যি কথা তোমাক জনাই অহা নহ’ল ,
সেই কথা যে তুমি জানিব পৰাকৈ জনা হ’বা সেয়া মই জানো ।
এখন আৱদ্ধ বৰ্ষাৰন্যৰ স্তিমিত শাওণৰ কণটেক্ট লেনছ পিন্ধি
তুমি মোক বিচাৰি আছা , আজিও ।
পাইছাও , নাই পোৱাও ।
মই নাইও, মই আছোও ।
মই জানো—
ৰেড কণফাৰ্ম কৰিবলৈ লওঁতে হোৱাৰ দৰে
তোমাৰ উৎকণ্ঠাৰ নাম আৰু কাৰণ —–আজিও মই ।
মই জানো—-
পুৱা চাৰে ন বজাৰ বাছৰ কৰ্কশ হৰ্ণৰ
জাগ্ৰত স্মৃতিৰ সমলয়তো মই ;
আজিও ।
মই নাই —-
মই নাই পাৰ্কৰ হেলনীয়া বেলি জিৰোৱা ৰেলিঙৰ তেজত,
মই নাই তোমাৰ চাদঁত চিগাৰেট খোৱাৰ ফেণ্টাছীৰ
নমিনিৰ দস্তখতত ,
মই নাই তোমাৰ বেগ ডাঙি দিবলৈ
কোচাই ল’ব ধৰা মোৰ কামিজৰ ভাজঁবোৰত ।
মই নিজকে থৈ গৈছো তোমালৈ,
অভিমানী টোপনিৰ ঊৰ্দ্ধত ৰৈ যোৱা হাতৰ পৰশত ।
মই নিজকে থৈ গৈছো তোমালৈ ,
কিতাপৰ আলমাৰিটোৰ “বনলতা”ৰ ঠিকনাৰ সেঙেতা সুবাসত ।
মই নিজকে থৈ গৈছো তোমালৈ,
আহঁতৰ কেকুঁৰিৰ ধোৱাঁময় পিয়লাৰ
হিৰণ ৰঙৰ দুপৰত ,
তুমি পৰিলে উঠিবলৈ প্ৰয়োজন হোৱা
এটা এটা কাৰণত ,
মই থৈ গৈছো নিজকে তোমালৈ,
সাতামপুৰণি ট্ৰাম এখনত উঠি যোৱা
এটা নেদেখা হোৱা অভিমানত ।
আলেঙে আলেঙে থাকিও , যি অভিমানে ক’ব বিচাৰিছিল;
“ তুমি যদি লেফাফাটো খুলিলাহেতেঁন সিদিনাই “,
আবিৰৰ টোপোলাত মনে মনে সেন্দুৰৰ ৰঙাখিনি মিহলোৱাৰ দৰে
একেই চপলতাৰে —-
বনলতাৰ চেলপাৰ্কৰ বৰফ বন্ধা শৰতত মিহলি হৈ থকা,
মাটিৰ কেচাঁ গোন্ধক বুকুত আকোঁৱালি লোৱা পৰিণীতাৰ দৰে ।