ভিক্ষাৰী

….প্ৰাণজিৎ কলিতা…..

এগালমান চাৰ্টিফিকেট
বোকোচাত বান্ধি
দৌৰি ফুৰিছো ;
চহৰৰ চিটি বাছে চিটি বাছে
গৰম , ঠাণ্ডা , অনুকূল , প্ৰতিকূল
সকলো নেওচি মাথো দৌৰিছো ,
এটি অফিচৰ পৰা আন এটি অফিচলৈ ।
ভোক্তব্য বস্তুৰ অভাৱত
এটোপাল পানীৰ সোৱাদ লৈছো ।
ৰাজপথত ঘূৰিফুৰা
অলপমান সহানুভূতিৰ অভাৱত
দুচকুৰে নিগৰি পৰা
বেদনাৰ অশ্ৰুধাৰী দেখিও ;
মই আজি ৰুদ্ধ ।
অমানবীয় প্ৰকৃতিৰ
অসহায় কবলৰ শিকলিৰে বন্ধ
মোৰ দুবাহু;
কাৰণ মইও আজি ভিক্ষাৰী ।
দুহাত যোৰ কৰি
টেবুলৰ সন্মুখত ভিক্ষা খুজিছো ,
কোনোৱাই দলিয়াই দিছে
চাৰ্টিফিকেটবোৰ,
কোনোৱাই দিছে ধমক ;
একমাত্র বিশ্বাস আৰু ভাগ্যক
সাৰথি কৰি আকৌ ওলাইছো ।
দুখ কৰা নাই
নিজৰ অব্যৰ্থ অক্লান্তৰ অশ্ৰুও
নিগৰিব দিয়া নাই ;
নতুন উদ্যম লৈ আকৌ খোজ দিছো ।
তুলনা কৰিছো ৰাজপথৰ সকলৰ লগত
জীৱন চলাবৰ বাবে
এযোৰ ভাল কাপোৰ পিন্ধি
অফিচে অফিচে ভিক্ষা খোজা
মইও এজন ভিক্ষাৰী ।

প্ৰাণজিৎ কলিতা
গুৱাহাটী বিশ্ববিদ্যালয়

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *