……সোণমণি…….
শুনি আছানে
শগুন এজাকে জুৰা
ইথিওপিয়া নামৰ সমবেত সংগীত
শুনি আছানে
ব্যাধিত বিপৰ্যস্ত পৃথিৱীৰ
মৰাশবোৰৰ মাত
ক’ত থাকা?
ফুটপাথত মৰি থকা বৃদ্ধ
কাষৰে নলাটোত কেঁচুৱা
ৰাতি দুয়োজনে
ইশ্বৰ ইশ্বৰ বুলি কান্দিছিল
ব্যস্ত দৈনন্দিন
লৌহ গানৰ হাহাকাৰ
শুনি নোপোৱা
দুটা ককবকনিৰ উশাহ
মগজুবোৰে ভ্ৰম বিক্ৰী কৰে
ভ্ৰম এটা ব্যৱসায়
ভ্ৰমত ৰাগীয়াল প্ৰজাক
চাবুক লৈ কোবাবলৈ ভাল
ইশ্বৰৰ নামত মেলি দিবলৈ ভাল বজাৰত
মাজে মাজে
সমদল আহে দুটা
সেউজীয়া আৰু কমলা
কি তাজ্জৱ শক্তিমান তেওঁলোক
নিজৰ নিজৰ ইশ্বৰক বচাব বুলি
গলিয়ে গলিয়ে চিঞৰে
এটাই তৰোৱাল দাঙি ভাবুকি দিয়ে
এটাই বুটাম পিটিকিয়েই নিজক ফুটাই দিয়ে ভিৰৰ মাজত
ধাম!!
যন্ত্ৰৰে চেপি ৰখা যুগান্তৰৰ অজুহাততেই
তুমি ইমান নিশকতীয়া হৈ পৰিলানে?
এক ইঞ্চিৰ ইশ্বৰ!
সোণমণি
7/5/20