আই

….ভাস্কৰ ৰাজবংশী…..

বাউলি কালস্নিগ্ধ
স্বপ্নাতুৰ নিসংগতাৰ
অধিপতি ।

স্নেহমুগ্ধ সুগন্ধিত
অত্মাতুৰ মই,
তোমাৰ উন্মাদনাৰ
আকাশৰ
তৰা হৈ,
ধিমিকি ধিমিকি জ্বলি থকা
নক্ষত্ৰ মই ।

তোমাৰ হিয়াৰ উমত
উমলি ডাঙৰ হোৱা,
বাউলি পখি মই ।

তোমাৰ মধুৰস পাণ কৰি,
উন্মুক্ত হৈ
পৃথিৱীৰ বুকুত,
মুকলি আকাশৰ তলত,
পৰিভ্ৰমণ কৰা
এটি উন্মুক্ত পখী মই ।।

ভাস্কৰ ৰাজবংশী
গুৱাহাটী বিশ্ববিদ্যালয়

Share কৰক:

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *