……প্ৰাণজিৎ কলিতা…..
দেউতাকৰ একমাত্র কথা ” তই প্ৰাইজ পালেহে প্ৰতিযোগীতালৈ লৈ যাম , নহ’লে মোৰ সন্মান নোহোৱা হব” । এই কথা কেইটা সদায় প্ৰিয়াশ্ৰীৰ কাণত বাজি থাকে । তাই সৰুৰ পৰাই আৰ্ট কৰি ভাল পাই , ৰং তুলিকাৰ মাজেৰে যেন সপোনবোৰ ৰচি দিব খোজে । প্ৰত্যেকখন আৰ্ট প্ৰতিযোগীতালৈ লৈ গ’লেই তাই দেউতাকৰ ওপৰোক্ত কথা কেইটা মনত পৰিছিল আৰু তাই যৎপৰোনাস্তি চেষ্টা চলাই প্ৰতিযাগীতাৰ সফলতাৰ শিৰত থিয় হৈছিল । কিন্তু যোৱাকালি ঘোষিত হোৱা প্ৰতিযোগীতাটিত তাই কোনো স্হানতে বিজয়ীৰ খিতাপ দখল কৰিব নোৱাৰিলে , এই কথাই তাইৰ মানসিক চিন্তাত বাৰুকৈয়ে আঘাত কৰিলে । প্ৰাইজ নাপালে সন্মান যাবলৈ ভয় কৰা স্বয়ং দেউতাকে আজি তাইক বুজাই বুজাই ভাগৰি গৈছে । বাৰে বাৰে উচপি উঠিছে তাই , কাৰোৰে কথা যেন শুনিব নিবিচাৰে । লাজ , শংকাই প্ৰিয়াশ্ৰীৰ মানসিক চিন্তাত যেন ব্যাঘাত জন্মাই তুলিলে , মনত বিফলতাৰ হেঁচাই হেচি ধৰি তাইৰ হিতাহিত জ্ঞান নোহোৱা কৰিলে । যাৰ বাবে হয়তো নিশা তাই দেউতাকৰ সন্মান , নিজৰ বিফলতাক উচ্চ শিখৰত থৈ নিজে নিজক শেষ কৰাৰ পৰিকল্পনা কৰিলে । ৰাতিপুৱা তাইৰ ৰুমৰ দুৱাৰ খুলিয়ে ওলমি থকা প্ৰিয়াশ্ৰীৰ মূখ খনলৈ চাই ৰৈ থকা দেউতাকৰ হাতত মাথো এখনেই কাগজ আছিল , য’ত ডাঙৰকৈ লিখা আছিল ” sorry দেউতা ” ।
প্ৰাণজিৎ কলিতা
গুৱাহাটী বিশ্ববিদ্যালয়
সমাপ্তি বিষাদেৰে হ’ল । ভাল হৈছে??