….পুনম নাথ…..
সঁচাকৈ ঘিণ কৰা মোক বন্যা?
অভিমান উঠলি উঠিছে তাৰ মাতত।
তাৰ হাতখন আগতকৈ শিথিল যদিও তাই এৰুৱাব পৰা হোৱা নাই।
তোমাৰ ব্যৱহাৰ বোৰ ভাল লগা নাই মোৰ।
ভালহে পাওঁ তোমাক।।
ভালপোৱাবোৰ জোৰকৈ বিচাৰিলেই পাবানে?
প্লাৱনক ভালপোৱা এতিয়াও? দেৱৰ মাতত অনিশ্চয়তা ফুটি উঠিল।
পাওঁ মই ভাল। সেয়ে মই তোমাৰ লগত আগবঢ়া নাই।
সম্পৰ্ক বোৰ ইমান সহজে বনাব নোৱাৰি আৰু ইমান সোনকালে ভাগিবও নোৱাৰি… নুবুজা কিয় তুমি। দুখ পাবা বুলি কোৱা নাছিলো মই। মন নাযায় মোৰ তোমাক দুখ দিব।
জলজলীয়া হৈ পৰা চকুৰ পৰা চকুলো ওলাই আহিল তাইৰ। আৰু মনে মনে থকা নাই বন্যা।সকলো কৈ গৈছে তাই।
দেৱে তেতিয়াওঁ তাইক ধৰি আছে। তাই ওলাব নোৱাৰাকৈ যেন সি হাতেৰে চক্ৰবেহুহে সাজিছে। তাৰ ওঁঠৰ দুৰত্ব তাইতকৈ বহুত বেছি নহয়। তাৰ নিশাহে তাইৰ অনুমতি নোলোৱাকৈ ছবি আঁকিছে তাইৰ মুখমণ্ডলত।
একেথৰে চাই আছে তাইলৈ। কিবা ক’ব খুজিও ৰৈ গ’ল সি।
চাওঁ….. এৰাচোন মোক ….
না তুমি এৰি যাবা….
এনেকৈ মোক কিমান সময় ৰাখিব পাৰিবা দেৱ..
নাজানো….
মোক কিমান জানা তুমি?
লগ পোৱা কিমান দিন হৈছে আমাৰ কোৱা। জানা জানোঁ মোৰ পছন্দ অপছন্দ? মই কি কৰি ভালপাওঁ… ক’লৈ যাব বিচাৰো। কোনখন কিতাপ মোৰ প্ৰিয়। একো নাজানা তুমি মোৰ কথা?
জানিম সকলো তুমি লগত থাকিলে …
উফ্ দেৱ মোক সময় দিয়া। মই নোৱাৰো ইমান সোনকালে ওলাব এইবোৰৰ পৰা।
সোনকালে? বন্যা এবছৰ হৈ গ’ল তোমাক এৰি যোৱা …
কোনে ক’লে প্লাৱনে মোক এৰি গৈছে বুলি… ছবছৰ একেলগে আছিলোঁ আমি। এবছৰ আঁতৰি থকাতো
একো ডাঙৰ কথা নহয়।
হা হা হা হা হা কিন্তু প্ৰেমিকাই নাজানেই প্ৰেমিক ক’ত আছে। আচৰিত তুমি আৰু এৰিয়ে যোৱা নাই যদি ক’ত আছে তোমাৰ…. প্লাৱন… ।
তাৰ মুখত ফুটি উঠিল তাচ্ছিল্যৰ হাঁহি।
তুমি একো নাজানা আমাৰ কথা…অভিমানী হয় সি। ভুল মোৰ আছিল আৰু শাস্তিও মই পাইছো সেয়ে। প্ৰেম তেনেকুৱা নহয় যে লগত থাকিলেহে থাকিব।…ইজনে সিজনক এতিয়াও অনুভৱ কৰোঁ।
তাৰ চকুত বিৰিঙি উঠা চকুপানী….
দেৱৰ সমুখত ৰৈ থকাৰ ধৈৰ্য্য নাই আৰু তাইৰ। লাহে দুৰ্বল হৈ পৰিছে তাই তাৰ চকুপানীবোৰৰ সমুখত।দোমোজাত পৰি ৰৈছে তাই….. আৱেগ অনুভূতিবোৰে যেন হেন্দোলনি তুলিছে বুকুত।ভুল শুদ্ধ একো নুবুজা হৈ গৈছে। সকলো ঠিকেই আছিল….. দেৱৰাজে সকলো খেলিমেলি কৰি দিছে। বিবেক বন্ধ হৈ যোৱাৰ আগতেই তাই আঁতৰিব খোজে তাৰ পৰা।
মই যাওঁ এতিয়া…
যোৱা…..মাততো বহু কোমল…. দেৱে মুকলি কৰি দিলে তাৰ হাতদুখন।
তথাপি স্তব্ধ হৈ ৰৈ আছে তাই। ….. তাৰ অভিমানী দুচকুয়ে শব্দৰ গজালি মেলিছে তাইৰ বুকুত।
কিহৰ অভিমানত বাৰিষাৰ নদীৰ দৰেই
ওফন্দোৱা তোমাৰ মুখ
বিৰহত মৰহে মোৰ বুকুৰ মেটেকা…..
যোৱা না…..চোৱা এৰি দিছোঁ মই তোমাক… যোৱা।
তাৰ মুখত বন্যাই এতিয়া একো দেখা নাই। না মৰম না ঘৃণা……… জেদ একো নাই……..নাই চকুপানী নাই অভিমান . বাৰিষাৰ বতৰৰ দৰেই সলনি হৈ থকা তাৰ মন ।……
মই যাওঁ.. তুমি যোৱা…..
তাক অকলে এৰি গুচি আহিল বন্যা……
____________
ক’ৰ পৰা আহিলি? ৰুমত সোমোৱাৰ লগে লগেই নৈৠতাই মাত লগালে।
ওলাই গৈছিলোঁ…. মোবাইলটো এৰি থৈ গৈছিলি?
মই ফোন কৰি আছিলো তোক।
অ’ পাহৰিছিলো। বহি দিলে তাই বিচনাত।
নৈৠতাই পঢ়ি আছে।
তাইৰো পঢ়িব আছে মনেই নবহা হৈছে পঢ়া শুনাত।
নতুন semester ৰ একোয়েই নাজানে কি আছে কিতাপত।
গাটো কিবা কিবিখন লাগিব ধৰিছে তাইৰ। কিন্তু দুখ কিহৰ বাবে। দেৱৰ চকুপানী সহ্য হোৱা নাই তাইৰো। হাহিঁ থকা ল’ৰা এজনে তাইৰ বাবে কান্দিছে। সঁচাকৈ নিষ্ঠুৰ নে তাই। নাই নহয়। তাই মিছাকৈ ক’ব নোৱাৰে দেৱক।
প্লাৱনৰ ওপৰত বিশ্বাস আছে এতিয়াও তাইৰ। আহিব সি আকৌ।এই মাত্ৰ যেন সি ফোন কৰিব তাইক। সি অভিমানী ল’ৰা আৰু জেদীও। দেৱৰাজতকৈ বেছি জেদী।সামান্য ভুল এটাৰ বাবে এনেকৈ বেয়া পাই থাকেনে?
বৰ্ষাক বা ফোন কৰে নে নকৰে।
হঠাৎ কিবা মনত পৰাৰ দৰে ফোনটো অন কৰিলে তাই।
অন কৰাৰ লগে লগেই মিছ কল এলাৰ্টত আহিল অভিলাষৰ মেচেজ। ঘৰৰ মেছেজ। ছেহ আজি ঘৰতো এবাৰো ফোন কৰা নাই। প্ৰতিদিনেই তাই সন্ধিয়া দেউতাকলৈ ফোনটো কৰেই। আজিহে পাহৰি থাকিল।
ফোনটো লগালে বৰ্ষালৈ…..
কেইবাবাৰো ৰিং হোৱাৰ পিছত ফোনটো তুলিলে…
হেল্ল বিউটিফুল….. How are you…
গলগলীয়া মাতটো শুনিয়েই গম পালে সেইয়া বৰ্ষাৰ গিৰিয়েক ৰিয়ানৰ মাত।
I am good.. তোমাৰ কোৱা।
বহুদিন জীয়াবা বুইছা। অলপ আগতে বৰ্ষাই তোমাৰ নাম লৈছিল।
হা হা হা হয় নেকি। ক’ত আছা পিছে। দিল্লীতেই নে।।
কি কৰিম আৰু আমাৰতো জানাই, চৰকাৰে য’তে পঠিয়াই তাতেই থাকিব লাগে। ইয়াতে পোষ্টিং বাবেহে ফেমিলী ৰাখিব পাৰিছোঁ।
ভালেই ভালেই অসমলৈ নাহা নেকি।
আমাৰ দুয়োটাৰে কোৱাৰ্টাৰেই ঘৰ হৈছে। ঘৰৰ মানুহতো নাইয়ে। বৰ মনত পৰে জানানে অসমলৈ। সেউজীয়াবোৰে বৰ আমনি কৰে।
আৰে মই আছোঁৱেই দেখোন। অভিলাষ আছে। এইবাৰ বিহুত আহি যোৱা…
যাম যাম……
বৰ্ষা নাই?
আছে আছে ওচৰতেই …. লোৱা।
কি খবৰ তোৰ?
যেন বহু দিনৰ মুৰত আপোন কাৰোবাৰ মাতটো শুনিছে। উচুপি উঠিল বৰ্ষা। হিয়া উজাৰি কথা পাতিব ল’লে দুয়ো।।।
প্লাৱন ক’ত আছে বৰ্ষা।
নাজানোঁ তোক এতিয়ালৈ ফোন কৰা নাই নেকি সি।
নাই কৰা।।
বন্যা দাদাই মোকো বহুত বেয়া পালে। তই মোক মাফ কৰি দে। মোৰ বাবেই হ’ল সকলো।
আৰে পাগলী বাদ দে না। জানই চোন তোৰ ককায়েৰ কিমান জেদী। সৰু নহয় সি কেতিয়াও।
সেইবাবেই ভয় হয় জান মোৰ। তই তাৰ দৰে নহয় তই বৰ থুনুকা। তই এ সৰু হৈ নিদিয় কিয়?
সৰু হ’বলৈ তাক বিচাৰি পাবতো লাগিব। কোন জংঘলত সোমাই আছে ভগৱান জানে।
লাডাখত আছে চাগে এতিয়াও।
আঢ়ৈবছৰ হ’বহে এতিয়া বেলেগত চাগে.. বাৰু বাদ দে। মাহীয়ে নতুন নাম্বাৰ লৈছে নেকি?
নাজানো নহয় মোক চোন কোনেও খবৰেই নলয় অ। ফেকুৰি উঠিল তাই। দেউতা মায়ে মোৰ খবৰ নলয় নে?আমাৰ ঘৰলৈ গৈছ নে বন্যা ?
নাই এবছৰ হল মইওঁ যোৱা নাই। ঘৰলৈ মোৰো কমেই যোৱা হয়।কামবোৰৰ বাবে সময়ো নাপাওঁ। এইবাৰ গ’লে মই যাম ৰ’। খুড়াক পাৰিলে বুজাম।
উচুপনি এতিয়াও মাৰ যোৱা নাই তাইৰ। উচুপি উচুপি এ ক’লে গুৱাহাটীতে আছ যদি প্লাৱন দা হঁতৰ ঘৰলৈকে যাব পাৰ চোন….
মাহীৰ নাম্বাৰটো পালেও ভাল আছিল। এনেকৈ ঘৰলৈ যাবও ভাল নালাগে।
অভিলাষ দাক লৈ যাবি। তাক বৰ ভাল পাই।।
তই ফোন কৰিবিচোন তাক, মনত পেলাইছিল আজি তোলৈ ।
প্ৰায় এঘণ্টা কথা পাতিলে দুয়োটাই।কৈ গ’ল দেৱৰাজৰ কথাও। তাই হাহিঁ হাহিঁ শুনি গৈছে…
আমাতকৈ জুনিয়ৰ নহয় জানোঁ।
অ দেৱৰাজ এবছৰ সৰু হ’ব মোতকৈ। দেখাত নালাগে।
চাবি আকৌ এম এল এৰ পুতেক। ক’ৰবাত অপহৰণ কৰি নিব। চিনেমা বোৰত দেখুৱাই যে। তোক বচাবলৈ কিন্তু তোৰ হিৰোৰো খবৰ নাই।।
হা হা হা হা হা নাই নাই ভালহে পায়। ভিলেইন নহয়তো সি।
তই বাৰু আৰু কিমান দিন প্লাৱন দালৈ ৰ’বি? সি যদি অইন কাৰোবাৰ লগত…..
চুপ থাক দেই বৰ্ষা যা তা কথা কিছুমান ন’কবি….
হা হা হা হা হা হা হা হা হা
আকৌ সেই চঞ্চলা বৰ্ষা হৈ পৰিল তাই। মুহূৰ্ততে বন্যাৰো দুখবোৰ যেন আঁতৰি গ’ল। কলেজীয়া, বিশ্ববিদ্যালয়ৰ জীৱন একেলগে পাৰ কৰা দুজনী ছোৱালী। ইজনীয়ে সিজনীক এৰি থাকিব নোৱাৰিছিল। এতিয়াও দুয়ো দৌৰি আছে যেন কলেজ কৰিডৰত। ক্লাছ বাংক মাৰি আড্ডা দি ঘুৰি ফুৰা দুয়োজনী। কেন্টিনত ঘন্টাৰ পিছত ঘন্টা বহি থকা।। একেলগে নোটচ্ বনোৱা। ইজনীয়ে সিজনীৰ ঘৰলৈ থাকিব যোৱা। যেন সৌ সিদিনাৰ হে কথা।
প্লাৱনৰ সৈতেও তাইয়ে চিনাকি কৰাই দিছিল প্ৰায় সাত বছৰ আগত।….স্পোৰ্টচ টি চাৰ্ট,পেন্ট পিন্ধি এতিয়াই যেন তাইক ছাৰপ্ৰাইজ দিবলৈ আহি যাব সি হোষ্টেললৈ। সময়ে এতিয়া এজনীক বেলেগত আনজনীক যেন বেলেগত থলে। বৰ্ষাৰ এটা ভুলৰ বাবেই যেন সকলোবোৰ শেষ হৈ গ’ল।…..
বৰ্ষাৰ লগত কথা পতাৰ সুখ কিছু অনামী দুখৰ হুমুনিয়াহ বাগৰি গ’ল ওঁঠেৰে।
নৈৠতা পঢ়ি আছে এতিয়াও। ঘৰলৈ আৰু অভিলাষক ফোন কৰি এতিয়াও বহি আছে তাই। অভিলাষো বহি আছে হোষ্টেলৰ ছাদত….
ঐ আজি মই তহঁতৰ ৰুমত শুম হা। মোৰ ৰুমমেট নাই।
দৌৰাদৌৰিকৈ বিৰিণা সোমাই আহিল ৰুমলৈ…. হট পেন্ট এটা আৰু লুচ টি চাৰ্টটো পিন্ধি আছে তাই। চ
মেলা চুটি চুলিকোচা।
কিয়…?
একেচাটে পঢ়াৰ পৰা মুৰ তুলি নৈৠতাই সুধিলে।
হোষ্টেলৰ ছাদৰ পৰা ৰাতি ৰাতি কিবা কিবি শব্দ ওলাই।
তহঁতে নাজান নেকি।
বন্যাৰ হাহিঁ উঠি গ’ল, ক’ৰ পৰা শুন বিৰিণা তই এইবোৰ কথা।
ইচ্ ইচ্ তহঁতেহে নাজান ৰাতি ৰাতি সৰু পোৱালীৰ কন্দা শব্দ সকলোৱে শুনে। ইহঁতক সোধ চোন।
দুৱাৰ খুলি সোমাই আহিল। কাইপং কাথাৰ আৰু প্ৰিয়া ছেত্ৰী। এজনী নেপালী ছোৱালী আনজনী আকৌ কাৰ্বি ছোৱালী। দুয়োজনীয়ে এইবাৰ নাম লগাইছে ইউনিভাৰ্ছিটিত। অসমীয়া ডিপাৰ্টমেন্ট।
তাইৰ কিবা এটা ভাল লাগে দুয়োজনীকে। অসমীয়া ভাষাৰ প্ৰতি সিহঁতৰ শ্ৰদ্ধা দেখি। মানুহবোৰে কিয় যে লাগি থাকে হেজাৰ বিজাৰ সংগঠন খুলি জাতি জনগোষ্ঠীৰ নামত । বিশ্ববিদ্যালয় খনতে আহিলে দেখিব সকলো জাতি জনগোষ্ঠীয় সমাহাৰ।
তঁহতৰ পঢ়িব ল’ব নাই। এনেই মানে এই বিৰিণাজনীয়ে ভয় দেখুৱাইছে আৰু তাইৰ পিছে পিছে দৌৰি আহিছ। ছিনিয়ৰ বাবে নৈৠতাৰ দাদাগিৰিতো অলপ বেছি খিংখিঙাই উঠিল তাই।
নহয় বা আমিও শুনিছো।ৰাতি ৰাতি কিবা কিবি শব্দ হয়। কাইপঙে মাত লগালে। তাই কথা ক’লে সৰু সৰু চকু কেইটা তিৰবিৰাই উঠে। আজি পিছে ভয় ভাৱ হে ফুটি উঠিছে।
ঐ বন্যা তই শুনিছ নে কেতিয়াবা।
তাই মুৰটো লৰাইছে । নাই শুনা দেই মই সেইবোৰ।
জানোঁ আমাৰ ৰুমত চাগে ভুতেই ভয় কৰে। নৈৠৰ হাহিঁ উঠি গল।
মই থাকিম হা তহঁতৰ তাত।
নোৱাৰ থাকিব তই। ৰাতিটো ফোনত হিন্দীত কথা পাতি থাকিবি।… তোৰ এয়াৰফৰ্চ পাইলটটোৰ লগত।
মই বন্যাৰ লগতহে থাকিম।।
থাকিবি দে। কিন্তু ফোনত কথা পাতিব নোৱাৰ।।
একান্ত বাধ্যৰ দৰে বিৰিণাই মুৰ লৰালে।।
মই চাহ বনাও গোটেই কেইজনীয়ে বহ।
বন্যা বা ঘৰৰ পৰা পিঠা দি পঠিয়াইছে মায়ে লৈ আহো মই।
মৃদুভাষী প্ৰিয়াই মাত লগালে।
মইও বিস্কুট লৈ আহো ৰ। বিৰিণাই সাউতকৈ দৌৰ মাৰিলে। পিছে পিছে প্ৰিয়া।।
এনেকৈয়ে ঘৰৰ পৰা আঁতৰি থাকি অইন এটা পৰিয়াল হৈ পৰে গোটেই বোৰ। এনেকৈয়ে থাকে সকলোবোৰ…. এটি হৈ। আপোন আপোন হৈ।
মোবাইলটো বাজি উঠিল… দেৱৰাজে ফোন কৰিছে।
নাই ৰিচিভ কৰিব মন যোৱা নাই.. তিনিবাৰত ৰিচিভ কৰিলে তাই….
I am sorry বন্যা থোকাথুকি হৈ পৰিল তাৰ মাতটো।
I am really sorry….. মই তেতিয়া তেনে ব্যৱহাৰ কৰিব নালাগিছিল। I was angry with you…
It’s OK Dev….
But u know I really love you…কোৱা তুমি জানানে নাই
Yes I know..
You are mine… শুনিছানে?
সি মদ খাইছে। তাৰ কথা বতৰাত গম পাইছে তাই। নিচাত আছে সি।
তুমি মদ খাইছা?
আবে মদ বাদ দিয়া না…তুমি তোমাৰ হীৰুদাৰ কবিতা শুনা….কবিতা শুনাম মই তোমাক। ঐ বাস্তৱ কিতাপ খন দিয়া বে।। বন্যা তুমি ফোন নাকাটিবা। হোষ্টেল জ্বলাই দিম কিন্তু মই গৈ। you don’t no me.. তোমাকো লৈ আহিম। মোৰ লগতেই ৰাখিম। পাপাক ফোন কৰি কৈ দিওঁ মই বোৱাৰী পাই গলোঁ।
নিশ্চুপ হৈ শুনি আছে তাই দেৱৰাজৰ কথা। এই মুহূৰ্ত্তত তাক শুনাৰ বাহিৰে গত্যন্তৰ নাই।
তাৰ জিভা লাগি ধৰিছে তথাপি মাতি আছে সি হীৰুদাৰ কবিতা।
মোৰ বুকুত কি জ্বলে !
মোৰ দুখ, মোৰ আনন্দ
কিহে আৰু ব্যাপক কৰি তোলে !
মোৰ অনুভৱে অনুভৱে
তোমাৰ প্ৰেমৰ গুণগুণ শব্দ…
এনেকৈ ৰূৰুৱাই জ্বলে যে
তাৰ ছাই ভৰি পৰে
মোৰ বুকুৰ ভিতৰে-বাহিৰে |
বন্যা শুনি আছানে..?.
দেৱ তুমি শুই দিয়া…..
সম্ভৱত তোমাৰ প্ৰগলভ প্ৰেমে
মোক ছাই কৰি পুৰি নিব ক্ৰমে ….
ঠিক প্লাৱনে লিখি যোৱা কবিতাটো এতিয়াওঁ আছে তাইৰ বহীৰ পাতত।
সমুখত গেছৰ জুইৰ লেলিহান শিখা….. উতলি আছে চাহৰ পানী খিনি। কিন্তু তাতকৈ বেছিকৈ যেন জ্বলিছে তাইৰ বুকুৰ জুইকুৰা।..কিন্তু কাৰ বাবে। দেৱৰাজৰ মাতটো নোহোৱা হৈ গ’ল ক্ৰমে….
খোলা খিৰিকীৰ কাষত থকা কৃষ্ণচূড়াৰ জোপা। জোনাকত উজলিছে। প্লাৱনে ভালপোৱা কৃষ্ণচূড়া… । হঠাৎ খং উঠি আহিল তাইৰ প্লাৱনলৈ।।….. তাইৰ অৱস্থাতো চাই যেন কৃষ্ণচূড়া জোপাই আজি ইতিকিং কৰিছে তাইক।
লঠঙা ৰাধাচূড়াক দেখি কিয় হাহিঁছ তই
নিৰ্লজ্জ কৃষ্ণচূড়া…
তইয়েতো তাইৰ বুকুত এৰি গলি
ভালপোৱাৰ কৃষ্ণচূড়া উশাহ….
পৰৱৰ্তী ত্ৰয়োদশ খণ্ডত।