…..প্ৰাণজিৎ কলিতা…..
বিপদ মানুহৰ জীৱনত যে কেনেদৰে কেতিয়া আহে কোনেও একো কব নোৱাৰে । জীৱনৰ গতি স্তব্ধ কৰাৰ সাহস যে একমাত্র বিপদৰ । ৰঞ্জনৰ মাক বিধৱা হোৱা আজি প্ৰায় পাঁচ বছৰে হ’ল । দেউতাকৰ মৃত্যুৰ পিছত ঘৰখনৰ আলাই- আথানি নোহোৱা হ’ল , মাটি বুলিবলৈও ঘৰৰ ভেটিটোৰ বাহিৰে একোৱেই নাই । তাতেই মাকে বহু কষ্টৰে কাৰো ওপৰত হাত নপতাকৈ এখনি শাকনি বাৰী কৰি ঘৰখন চলাই আছে , একমাত্র ল”ৰা ৰঞ্জনকো ডিগ্ৰী পঢ়াই আছে । যোৱা দুদিনমান ধৰি মাকৰ শাকনি বাৰীত কাৰোবাৰ এৰি দিয়া ছাগলী এজনী বৰকৈ সোমাই আছে । মাকৰ জীৱন পথৰ ভেটিটো যে নষ্ট কৰি পেলাইছে , মাকৰ কষ্ট সহ্য কৰিব নোৱাৰি ৰঞ্জনে ছাগলী জনীলৈ এটি শিল গুটি দলিয়াই দিলে কিন্তু বিপদৰ কালক্ৰমত শিলগুটিটো ঘৰৰ দুমহীয়া গৰুৰ পোৱালিটোৰ গাত লাগিল । হঠাৎ দামুৰিটো চটফটাই মাটিত শুই পৰিল আৰু ৰঞ্জনক প্ৰায়চিত্তৰ ভাগি কৰি গুচি গ’ল । সমাজৰ পৰম্পৰাক আকোঁৱালি গৰুৰ পঘা এডাল ডিঙিত লৈ ৰঞ্জনে আজি প্ৰায়চিত্ত হবলৈ অইনৰ ঘৰত ভিক্ষা বিচাৰি যাবলৈ বাধ্য হ’ল ।
প্ৰাণজিৎ কলিতা
গুৱাহাটী বিশ্ববিদ্যালয়
খুব সুন্দৰ?