…..সৌৰভ মহন্ত…..
ভালপোৱাই বুকু উজাৰ কৰি দিয়ে আনন্দ,
কবিতাৰ শব্দ, বৰ্ণ;
বুকু পাতি লয় দুখৰ ধুমুহা,স্বপ্নৰ সৈতে
বিনিময় কৰে বিষাদৰ হিমদৃশ্য…
মই দুখৰ লগত খেলো, জিকোঁৱেই বা হাৰোঁ
অবিচলিত মোৰ আনন্দ |
-হীৰেণ ভট্টাচাৰ্য
প্লাৱন ঘৰলৈ অহা কেইবাদিনো হ’ল | এইকেইদিন বৃষ্টিৰ লগত ফোন আৰু মেছেৰ জৰিয়তে কথা পাতি আছে | দুয়োটাই থিক কৰিলে ক’ত তাহাতি লগ পাব আৰু ক’ত তাহাতি দুপৰীয়া আহাৰ গ্ৰহণ কৰিব | সময়ত প্লাৱন আৰু বৃষ্টি লগ হৈছিল | সিহঁতে সেইদিনা হেঁপাহ পলুৱাই কথা পাতিছিল | যাবৰ সময়ত সি তাইক ক’লে -তোমাৰ এই আপুৰগীয়া সময়কন দিয়া বাবে বহুত বহুত ধন্যবাদ | ভগৱানে যেন আমাৰ ভালপোৱাকন সদায় জীয়াই ৰাখে | তাৰ পিছত সিহঁত গুছি গৈছিল নিজৰ নিজৰ ঘৰলৈ বুলি | এনেকৈয়ে দিনবোৰ পাৰ হ’ল | প্লাৱনৰ ছেমিষ্টাৰ ব্ৰেক শেষ হ’বই হ’ল | বৃষ্টিৰো নতুন কলেজত ক্লাছ আৰম্ভ হ’বলৈ মাজত মাথো কেইটামান দিন বাকী | প্লাৱনে হোষ্টেললৈ যোৱা আগদিনাও তাইক লগ কৰি মনৰ কথাবোৰ আদান প্ৰদান কৰে | কথাৰ মাজতে প্লাৱনে বৃষ্টিক ক’লে
:জানা কাইলৈ হোষ্টেল যাবলৈ মনেই নাই মোৰ |
: নাযাবা তেন্তে |
: নাই যাব লাগিব নহয় সোনজনী |
: হাঃ হাঃ ধেমালি কৰিছো |
: আমি যে কাইলৈ পৰা লগে নাপাম |
: এৰা কিনো কৰিবা, দুখ নকৰিবা ,মোৰো দুখ লাগিব |
: ভালদৰে পঢ়িলে আমাৰ ভৱিষ্যতটো ভাল হ’ব |
: তথাপিও….
:নাই নাই তেনেকুৱা নকৰিবা,নিজৰ কৰ্ম কৰি যাবই লাগিব ,বাকী ভগৱানৰ ওপৰত |
: বহুত ভাল পাঁও তোমাক….
: মইও তোমাক বহুত ভাল পাঁও |
পিছদিনা প্লাৱন গুছি গৈছিল University অভিমুখে | এইবাৰ প্লাৱনক বৃষ্টিৰ স্মৃতিবোৰ আৰু ভালপোৱাবোৰে তাক দুগুণ উৎষাহ দিছে | সিঁহতি এতিয়া ৰাতি ৰাতি ফোনতে কথা পাতে | কেতিবা গোটেই নিশাটো পাৰ কৰে কথাৰ মাজতে | এনেদৰে সময়বোৰ আগবাঢ়িল | পূজাৰ বন্ধত পুনৰ প্লাৱন ঘৰলৈ আহিল | এইবাৰ দুয়োটায়ে একেলগে পূজা চালে | প্লাৱন পুনৰ University গুছি গ’ল | কিন্তু এইবাৰ প্লাৱনৰ বৃষ্টিক অচিনাকী অচিনাকী যেন লগিল | কথাটো সি কেইবাবাৰো মন কৰিলে কিন্তু ইমান গুৰুত্ব নিদিলে | লাহে লাহে প্লাৱন পঢা়ত ব্যস্ত হৈ পৰিব লগীয়া হ’ল | সিহঁতে ইটোৱে সিটোক দিয়া সময়বোৰ কমি আহিল | কেতিয়াবা ৰাতিপুৱা Good morning মেছেজটো আৰু ৰাতি Good night মেছেজটোৱে দিনটোৰ সামৰণি তাহাঁতৰ |
এদিন প্লাৱনে বৃষ্টিক ফোন কৰোতে কেইবা বাৰো busy পালে | বৃষ্টিয়ো লগৰ লগত কথা পতা বুলি ক’লে | এনেদৰে বৃষ্টিলৈ ফোন কৰোতে কেইবাদিনো waiting পালে | তাৰ কথাটোকিবা এটা ভাল লগা নাছিল কিন্তু বৃষ্টিৰ প্ৰতি থকা বিশ্বাসে তাৰ মনত সন্দেহৰ জন্ম দিয়া নাছিল |
আজি দুসপ্তাহে হ’বৰ হ’ল বৃষ্টিয়ে প্লাৱনলৈ ক’ল নকৰা | তাৰ ফোনৰ reply য়ো নিদিয়ে | সি পাহিক ফোন কৰি কথা খিনি ক’লে | পাহিয়ে তাইৰ লগত কথা পাতিম ক’লে | আজিকালি প্লাৱনৰ মনটো দুখ লাগি থাকে | সি একোতে মন দিব পৰা নাই | এদিন বৃষ্টিৰ ৰাতিলৈ এটা ক’ল আহিল আৰু প্লাৱনক ক’লে মাকে তাইৰ ফোনটো লৈ ল’লে | বৃষ্টিয়ে প্লাৱনক তেনেকৈ কৈয়ে ফোনটো থৈ দিলে | সিহঁতৰ মাজৰ দূৰত্ববোৰ ক্ৰমান্বয়ে বাঢ়ি আহিব ধৰিলে | এদিন প্লাৱন গুছি আহিছিল তাইক লগ পোৱা আশাত University ৰ পৰা | সি বৃষ্টিক লগ পোৱা আশাত বহুত সময় অপেক্ষা কৰিছিল জয়াপাৰত | কিন্তু সি বৃষ্টিক লগ নাপালে | সেইদিনা ৰাতিলৈ প্লাৱনে তাইৰ মাকৰ নাম্বাৰত ক’ল কৰিলে | বৃষ্টিয়ে ফোনটো ৰিচিভ কৰিছিল আৰু তাক মাক ৰ নাম্বাৰত ক’ল নকৰিবলৈ অনুৰোধ কৰিছিল | বৃষ্টিয়ে এইটো লগতে কৈছিল তাই এটা নতুন নাম্বাৰৰ কাৰণে apply কৰিছে নাম্বাৰটো পালে প্লাৱনক দিব | প্লাৱনে বৃষ্টিক এবাৰ লগ কৰিবলৈ request কৰিছিল | কিন্তু তাই নোৱাৰো ক’লে |
প্লাৱনে দুখমনেৰে পিছদিনা ঘূৰি গ’ল University লৈ | Final exam লৈ বেছি দিন নাই |সকলো কথা পাহৰি পঢ়াত লাগিল | সময়ত পৰীক্ষা শেষ হ’ল আৰু ঘৰলৈ গুছি আহিল | এই সময়ছোৱাত প্লাৱন আৰু বৃষ্টিৰ মাজত কোনো যোগা যোগ হোৱা নাই |
আগলৈ…..