…..সৌৰভ মহন্ত……
কিছু আশাৰ ৰেঙণি বিচাৰি…..
পোহৰ মুখী যাত্ৰাৰ সন্ধানত….
এটা সুন্দৰ পুৱাই প্লাৱনক এটা নতুন দিনৰ উপহাৰ দিলে | অন্য দিনাতাকৈ প্লাৱন আজি সোনকালে সাৰ পাই গ’ল | হয়তো বৃষ্টিলৈ ফোন কৰাৰ উৎচুক্ষতাতে | পুৱা গোটেই চৌপাশ নিজান হৈ আছে | আকাশখনো ডাৱৰে পূৰ্ণ হৈ আছে | এইয়া হয়তো এজাক বৰষুণৰ আগজাননী |প্লাৱনে লগৰ এটা লগত অলপ বতাহ খাঁও ভাবি সিহঁতৰ Core Building ৰ Open gallery পালেগৈ | আজি তাঁহাতৰ এইটো ছেমিষ্টাৰৰ শেষৰ দিন | কাইলৈ পৰা এসপ্তাৰ কাৰণে study leave আছে | প্লাৱনে ৰুমত আহি C++ ৰ বুক খন মেলি ল’লে | নাই আজি তাৰ ক’তো মন বহা নাই | সকলো তাৰ মূৰৰ ওপৰেদি গৈছে | তথাপিও সি পুনৰ চেষ্টা কৰিছে বিষয়টো হৃদয়াংগম কৰিবলৈ | লাহে লাহে বাহিৰত কিনকিনিয়া বৰষু্ণ আৰম্ভ হ’ব ধৰিছে | এনেকুৱা দিনত বৰষুণ দিলে University পৰিৱেশটো দ্বিতীয় খন শ্বিলং ৰ দৰে হৈ উঠে |সময়ত প্লাৱন গৈ ক্লাছ পালেগৈ | ছেমিষ্টাৰৰ শেষৰ ক্লাছ হোৱাৰ বাবে সকলো ভাবুক হৈ পৰিছে | কিয়নো পিছৰ ছেমিষ্টাৰ পৰা সিঁহতে নিজৰ নিজৰ department ত পঢ়িব লাগিব | Core Building ত আজিয়ে হয়তো শেষৰ ক্লাছ | সকলোৱে সেইদিনা কেন্টিনতে দুপৰীয়া আহাৰ গ্ৰহন কৰিলে | প্লাৱনহঁত ৰুম সোমাওতে গধূলিয়ে হ’ব হ’ল | প্লাৱনৰ বুকুখন লাহে লাহে কপিবলৈ আৰম্ভ কৰিলে এক অজান আকাংশাত | সন্ধিয়া চাহ কাপৰ সোৱাদ লৈ বিচনাতে বহি লাহেকৈ মোবাইলৰ keypad খনত ডাইল কৰিলে 8404….” | কিন্তু the call is currently either switch off or not reachable…| প্লাৱনৰ মনটো দুখ লাগি গ’ল |সি ভাবিলে একো নাই ৰাতি আকৌ চেষ্টা কৰিম | ৰাতি তেতিয়া ন টা বাজিছে | প্লাৱনে ভগৱানকে চিন্তা কৰি পুনৰ নাম্বাৰটো ডায়েল কৰিলে | এইবাৰ সি ফোনটো ৰিং কৰা শুনা পালে….
: Hello, কোনে কৈছে?
: Hi , মই প্লাৱনে কৈছো |
: অ’ আপুনি, ভাল নে আপোনাৰ?
: ভাল মোৰ , তোমাৰ ৰিজাল্ট টো শুনি ভাল লাগি | Congratulations…আগবাঢ়ি যোৱা |
: Thank you প্লাৱন দা |
: Welcome
: আপোনাৰ কথা মোক পাহি বা কৈছে |
: পাহি আৰু মই একে লগৰে হ’ম ,তুমি মোক আপুনি বুলি নক’বা | তুমি বুলি ক’লে ঠিক আছে |
: ঠিক আছে দিয়ক |
: আকৌ আপুনি ?
: Sorry, ঠিক আছে দিয়া তুমি বুলিয়ে ক’ম |
: Thank you
: আমাৰ ভাত খাব হ’ল, পিছত কথা পাতিম….Good night
: Good night
লাহেকৈ ফোনটো disconnect হৈ গ’ল | প্লৱনৰ বৃষ্টিৰ লগত ৰ্বাতালাপ কৰি বহুত ভাল লাগিল | তাৰ প্ৰেমিক মনটো উৎফল্লিত হৈ পৰিছে | সি ৰুমতে চিঞৰি চিঞৰি গাব ধৰিছে “Hum tere bin ab reh nahi sakte….”Arjit Singh ৰ সেই বিখ্যাত গীটটো | ইফালৰ পৰা বিবেকৰ চিঞৰ পাগল হ’লি বন্ধু | অলপ পিছতে তাৰে কেইজনমান বন্ধু আহি ৰুম নাম্বাৰ ১২ পালেহি | ৰুমতে থকা গীটাৰ খন আনি অভিনৱে বজাব ধৰিলে | হঠাৎ পৰিৱেশটো সংগীত ময় হৈ পৰিল | তাৰে এজনে গাব ধৰিলে…
“মুগ্ধ হিয়া মোৰ কোনে চুই যায়…,
মুগ্ধ হিয়াত ৰৈ কোনে জুমি চাই…..
আগলৈ….