…..পুনম নাথ……
মই জানিছিলো তুমি আহিবা।
তুমি এতিয়াও যোৱা নাই যে। যোৱা না।
হাই বন্যা বা… ক’ৰবালৈ যায়?
অ হাই… নাই এনেই ওলাই আহিছোঁ।
হোষ্টেলৰ নতুন ছোৱালী এজনীয়ে মাত লগালে। কেৰাহিকৈ চাই গ’ল দুয়োজনীয়ে দেৱৰাজলৈ।
হোষ্টেলৰ ছোৱালীবোৰ ৰুমত সোমাব লৈছে। গেটত এনেকৈ ৰৈ কথা পাতি থাকিব ভাল লগা নাই তাইৰ।অপ্ৰস্তুত যেন অনুভৱ হ’ল তাইৰ নিজৰ।
বেয়া নোপোৱা যদি বাইকত উঠিবা নেকি? কথাটো দেৱেও যেন অনুভৱ কৰিলে।
কিয়…?
ইয়াত বহু মানুহ। তোমাৰ চিনাকি। মোৰ কথা আছে তোমাৰ লগত।
হোষ্টেলৰ গেট বন্ধ হ’ব মোৰ…!
বেছি দেৰি হোৱা নাই ৭ হে বাজিল। মই থৈ যাম।
ঠিক আছে ব’লা ।
বাইকখন চলাই নিলে দেৱে। তাই বহি ল’লে পিছফালে দুৰত্ব বজাই। বাইকখন লৈ গৈ আছে সি, মেইন গেট পাৰ হ’ল .. Rcc 2 সমুখেৰে লৈ গ’ল সি..
দেৱ ক’লৈ গৈ আছা…
মুখেৰে মাত নলগালে সি আৰু অলপ গ’লেই সুন্দৰবড়ি পাৰ হৈ আয়ুৰ্বেদিক কলেজ পাবগৈ সিহঁতে। আশে পাশে ইউনিভাৰ্চিটি কোৱাৰ্টাৰ বোৰ।
বাইকখন ঘপকৈ ৰখাই দিলে সি। মানুহ বেছি নাই ।অলপ অচৰপ পোহৰে পোহৰাইছে ঠাইখিনি।
বাইকৰ পৰা নামিল তাই। তাইৰ সমুখত বাইকখনত ভেজা দি ৰৈ আছে সি। মুখখন ধুসৰ হৈ পৰিছে। কিন্তু কিয়? বেৰীয়া দাঁতৰ ধুনীয়া হাঁহিটো মুখত নাই।
বন্যা…… do you love me or not? তাইৰ কান্ধত দেৱৰ হাত এখন।
আনখন হাত তাইৰ ওঁঠত। তাইক একো ক’ব সুযোগ দিয়া নাই সি।
বন্যা কৈছিলোঁ তোমাৰ প্ৰতিটো আবেলি মোক লাগে….
তুমি সেইয়াও অইনক দি দিলা। বন্যা, মই একো শুনিব নিবিচাৰো। জানিব নিবিচাৰোঁ তোমাৰ প্লাৱনৰ কথা।
চকু দুটা ডাঙৰকৈ মেলি চাই আছে তালৈ। কেনেকৈ জানে সি প্লাৱনৰ বিষয়ে।
মই তোমাৰ দৰে অনুভৱী নহয় কিন্তু ভালপোৱা কি বুজি পাওঁ। বেছি নুবুজোঁ কিন্তু জানোঁ তুমি লগত থাকিলে মই সুখী। মোৰ কি কমি আছে কোৱা। তুমি সুখী নহয়নে মোৰ লগত। I don’t care about your past life. You are my present. Stay with me..
জোৰকৈ এৰুৱাই দিলে তাই হাতখন।
দেৱ… মোৰ ভয় লাগিছে. মই হোষ্টেলত যাওঁ।
দেৱৰ আচৰণত ভয় লাগিব ধৰিছে তাইৰ। ফোনটো ৰুমতে থৈ আহিল। ছে্হ।
বন্যা তুমি মোক ভয় কৰা। what the f*ck. I love you damn it. I love you.
ক্ৰমে ওচৰ চাপি আহিল সি। বন্যাৰ কান্ধত মুৰতো পেলাই দিলে, একদম অৱশ মানুহৰ দৰেই । তাইৰ হাতখন জথৰ হৈ ৰ’ল দুয়োকাষে। দেৱৰাজৰো একেই।
মৌন হৈ আছে দুয়ো।
বন্যা you still love প্লাৱন ?
I don’t know.. May be yes or may be not.
দেৱৰাজ থুতৰিটো এতিয়াও তাইৰ কান্ধত। মুখৰ অভিব্যক্তি চাব পৰা নাই তাই। তাৰ উশাহ তাইৰ ডিঙিত চুইছে।
Where is he…. তাৰ মাতটো যথেষ্ট কোমল..
I don’t know….
Fu*k off বন্যা । তুমি নাজানা সি ক’ত আছে আৰু ইমান দিনে তুমি সেই ল’ৰাজনৰ বাবে অপেক্ষা কৰি আছা। মই পাগলৰ দৰে তোমাৰ পিছত পৰি আছোঁ কিন্তু এবাৰ মোৰ কথা বুজি নোপোৱা তুমি। এইবাৰ খঙত চিঞৰি উঠিল সি।
উচপ খাই উঠিল তাই। কি হৈছে এই ল’ৰাটোৰ।
হঠাৎ তাইৰ কান্ধৰ পৰা মুৰতো উঠালে সি। চিগাৰেট এটা মুখত লাইটাৰটোৰে জ্বলাই ল’লে। দুয়ো সমুখলৈ চাই আছে বাইকখনত আঁউজি। ধোঁৱাবোৰ উৰি আছে কুন্দলী পকাই।
অ’ দেৱ দা…. ভালনে?
বাইক লৈ গুচি গ’ল হোষ্টেলৰ দুজন ল’ৰা তাক মাতলগাই…
হাতখন দাঙি দিলে সি।
তাৰ মুখখন সাংঘাটিক কোমল হৈ আছে । যেন চিগাৰেট খাই থকা এটি সৰু ল’ৰা।
মৌনতাৰ শেষত আধাখোৱা চিগাৰেটটো পৰিলগৈ সমুখৰ ঘাহঁনিত …
এইবাৰ সমুখলৈ আহিল সি… তাইৰ হাতখন লৈ গ’ল তাৰ বুকুলৈ সোঁফালে। তাইৰ হাতত অনুভৱ হৈছে বুকুৰ ধপধপনি… ।
দেৱে কিয় কৰি আছে বাৰু এইবোৰ…
বন্যা…
তুমি যদি বেয়া পোৱা মই আৰু কেতিয়াও তোমাৰ ওচৰলৈ নাযাওঁ। জোৰকৈ ভালপোৱা নহয় মই জানোঁ।
তাৰ চকুলৈ চালে তাই… আন্ধাৰতো গম পাইছে তাই তাৰ চকুৰে চকুপানী ওলাইছে। নিজকে বৰ নিষ্ঠুৰ যেন লাগিছে।
আৰু কিমান দিন এনেকৈয়ে……
হাতখন লাহেকৈ তাৰ মুখলৈ লৈ গল… সময়ক সময় দিয়া..
আৰু কি ক’ব বুজি নাপালে। মিছা অভিনয় তাই কৰিব নোৱাৰে। দুখ দিব নোৱাৰে তাই দেৱক ।…..তাইৰ অজানিতে তাইৰ লগত সাঙুৰ খোৱা দেৱৰাজ। সি আঁতৰিলে তাইৰ দুখ লাগিব জানোঁ? তাই নাজানে।
ভালপোৱাবোৰ কিয় এনেকুৱা। চকুপানীবোৰ কিয় আহে মাজত। সমুখত এজনে কান্দিছে তাইৰ বাবে । এবছৰে তাই দিনে নিশাই কান্দিছে অইন এজনৰ বাবে।
প্লাৱনে জানোঁ কান্দে ।
তুমি অঁকা প্ৰেমৰ কেনভাচত
আজি যেন ধুসৰ মই
থাকিও নথকাৰ বেদনাত
শয্যাগত মই মৌনতাৰ ৰোগত।…..
________________
হাই বন্যা…
যোৱা চাৰিমাহত চতুৰ্থ বাৰৰ বাবে ফোন আহিল প্লাৱনৰ।
উফ্ এই মাতটো কিমান দিন শুনা নাই তাই। চকুহাল মুদি দিলে বন্যাই।
ইমান দিন ক’ত আছিলা? তাইৰ অভিমানী কন্ঠ… প্ৰতিদিনৰ অভিমান উঠলি উঠিছে তাইৰ মাতত।
আৰে, ইয়াত ফোন কৰিব অলপ দিগদাৰ হয়।মই P. C. O ৰ পৰা হে কৰিছো। ফোন allow নকৰে নহয়।
ইহ্ ইমান কাঢ়া নে…
কি কৰিবা আৰু উপায় নাই।
মনে মনে মোবাইল ৰাখিব নোৱাৰি নেকি?
পাৰি কিন্তু ধৰা পৰিলে যে দিগদাৰ হ’ব বহুত।
তুমি হোষ্টেলত থাকা নে কি?
হোষ্টেলেই বুলিব পাৰা কিন্তু আমি স্কন বুলি কওঁ। মানে স্কডেন বোলে NDA ৰ হোষ্টেলক..
তোমাৰ হোষ্টেলৰ নাম কি?
মোৰ হোষ্টলৰ নাম গোল্ফ ..
বাহ, আচৰিত নামচোন। আৰু কি কি আছে নো?
আলফা, ব্ৰেভো, চাৰ্লি, ডেল্টা, ফোক্সট্ৰট, গোল্ফ… এইবোৰে নাম আৰু…. এইবোৰ বাদ দিয়া বাকী পঢ়া শুনা কেনে চলিছে? কলেজ গৈ আছানে?
ভালে চলি আছে সকলো।গৈ আছো। এতিয়া 2nd year পাম আৰু।পৰীক্ষাও দিলো তুমি কেতিয়া আহিবা।
হা হা হা হা হা হা হা… মই নোৱাৰো এতিয়া যাব। সেইদিনা আহিছিলো হে? ইয়াৰ পৰা আকৌ ডেৰাডুন যাম। মাজত চাগে দুদিনৰ বাবে ঘৰলৈ যাব পাৰিম .. তেতিয়া চেষ্টা কৰিম লগ কৰিব।
মোৰ বৰ মনত পৰিছে অ’।
আৰে এনেকৈ হ’লে কেনেকৈ হ’ব, be strong … Now u r a big girl.মই কোৱা কিতাপ পঢ়িছানে?
পঢ়ি আছোঁ। জানা হীৰুদা এতিয়া মোৰো প্ৰিয়। উফ্। মই প্ৰেমত পৰি গৈছো।….
বাহ্ ডাঙৰেই হ’লা চোন….
শুনি আছে তাই তাৰ কথাবোৰ। বিচনাত বাগৰি।
আচ্ছা বন্যা সাগৰ প্ৰিয় নে তোমাৰ পাহাৰ?
পাহাৰ…. পাহাৰৰ সেউজীয়াই মোক ৰিঙিয়াই মাতে … আকাশখন বৰ ওচৰৰ পৰাই দেখো.. যেন হাততে ঢুকি পাওঁ।
আকাশ মোৰো প্ৰিয় মাথোঁ হেৰাব নোখোজোঁ তাৰ বিশালতাত। আকাশ খন মই এতিয়া তোমাৰ দুচকুত দেখো..
মৌন বন্যা… এইবোৰ কথাৰ কি উত্তৰ দিব তাই বুজি নাপায়।
ছে গুৱেভাৰাৰ নাম শুনিছা তুমি?
জানোঁ কমিউনিষ্ট বিপ্লৱী আছিল..বিখ্যাত কিউবা বিপ্লৱ, গেৰিলা যুদ্ধৰ কথা সকলোৱে জানে .. । কোনে নাজানে
কমিউনিষ্ট নেতা ফিডেল কাষ্ট্ৰৰ লগ লাগি তেওঁ ৰঁচা ইতিহাসৰ কথা। কিয় উলিয়ালা বাৰু…?
জানা বন্যা, তেওঁৰ চকুজুৰি ইমান তীক্ষ্ণ আছিল যে, যেতিয়া আমেৰিকাই বলিভিয়ান সৈন্যৰ লগলাগি তেওঁক বন্দী কৰিছিল তেওঁৰ জীৱনৰ শেষ সময়ত। তেওঁৰ চকুলৈ চাই কোনেও গুলি কৰিব পৰা নাছিল। শেষত ১৯ নম্বৰ সৈনিক জনে তেওঁক গুলিয়াইছিল কিন্তু তেওঁৰ চকুলৈ চাই নহয়।….
আৰু তেওঁৰ মৃত্যুত বহু বিখ্যাত কবিয়ে কবিতাৰে নিজৰ মনৰ ভাব প্ৰকাশ কৰিছিল…. বাংলা কবি সুনীল গঙ্গোপাধ্যায়ে লিখিছিল…
“চে, তোমার মৃত্যু আমাকে অপরাধী করে দেয়..
আমার ঠোঁট শুকনো হয়ে আসে,
বুকের ভেতরটা ফাঁকা
আত্মায় অভিশ্রান্ত বৃষ্টিপতনের শব্দ
শৈশব থেকে বিষণ্ন দীর্ঘশ্বাস।”
বাহ্ বন্যা হীৰুদাক পঢ়িবহে দিছিলো… তুমিতো বাংলা কবিতাও পঢ়িলা।
কবিতাৰ নিচা হৈ গ’ল মোৰ জানা প্লাৱন। তোমাক বিচাৰি পাওঁ মই….
হা হা হা হা হা…. তেনেকৈয়ে মনত ৰাখা বাৰু মোক..
বিখ্যাত মানুহবোৰক পঢ়ি।
বিদেশ পালাই যিহেতু পাৱলো নেৰুদাক পঢ়িবা। ছে গুৱেভাৰাৰ প্ৰিয় কবি সকলৰ ভিতৰত এজন। ছেৰ মৃত্যুত তেওঁও লিখিছিল…
“এজন বীৰৰ মৃত্যুত বিষন্নতা” . এইটো পিছে অসমীয়া অনুবাদহে।
Do you know বন্যা che was a bike rider.
হা হা হা হা হা কি কোৱা…
আৰে তেওঁৰ The motorcycle diaries কিতাপ খনত আছে তেওঁৰ দুঃসাহসিক অভিযানৰ কথা…. কেনেকৈ তেওঁ যাত্ৰা কৰিছিল ১৯৫০ চনত উত্তৰ আৰ্জেণ্টিনা গ্ৰাম্য অঞ্চলবোৰত। দ্বিতীয়বাৰ ১৯৫১ চনত যাত্ৰা কৰিছিল তেওঁ দক্ষিণ আমেৰিকাৰ বহু ঠাইত। প্ৰায় ৮০০০ কিলোমিটাৰৰ এই যাত্ৰা। কিতাপখনত আছে দ্বিতীয় যাত্ৰাত কেনেকৈ তেওঁ আৰ্জেণ্টিনাৰ পৰা আৰম্ভ কৰি শ্বেলী, পেৰু, একুৱাড’ৰ, ভেনিজুৱেলা, পানামা, মিয়ামি, ফ্লৰিডা আদি দেশ ভ্ৰমণ কৰিছিল আৰু তেওঁৰ লগত আছিল তেওঁৰ বন্ধু বিয়োনো।…..
তাই শুনি আছে তাক। তাই নুবুজে কিছুমান কথা।
কি বুজিলা ইয়াৰ পৰা?
ছে গুৱেভাৰাৰ কথা…?
আৰে যিমান ঠাই ফুৰিব সিমান শিকিবা। গতিকে যেতিয়াই সময় পোৱা নতুন ঠাই ঘুৰিবা।
বাৰু এতিয়া মই ৰাখিম… ভালকৈ থাকিবা। ফোন কৰিম মই। by.
ফোনটো থৈ দিলে সি … ১০ মিনিটৰ কথাবোৰ যেন এতিয়া সাফৰ মাৰি থৈ দিব বুকুৰ একোনত। আৰু কেতিয়া কথা হ’ব নাজানে দুমাহলৈ সাচিঁ সাচিঁ মনত পেলাব প্ৰতিদিনে……
এইয়া তাইৰ প্ৰথম চিনাকি ভালপোৱাৰ সৈতে। ভালপোৱা জানো এনেকুৱা..?
প্লাৱন অকল তাইৰ প্ৰেমিকেই নহয় তাইৰ অভিভাৱক হৈ গৈছে।.. তাইৰ বাবে সি এখন কিতাপ। যাক পঢ়িবলৈ তাই সদায় ইচ্ছুক। তাই যেন ডাঙৰ হৈ গৈছে তাৰ সংস্পৰ্শলৈ আহি। ভালপোৱা কেৱল ঘন্টাৰ পিছত ঘন্টা ধৰি কথা পতা নহয়। প্ৰেম বিশ্বাস…ভালপোৱা ইজনে সিজনৰ প্ৰতি থকা অগাধ সন্মান।
নিজৰ প্ৰেমিকাৰ দুচকুৰ পৰা ছে গুৱেভাৰালৈ উৰা মাৰা তাৰ মন। আচৰিত লৰা। আজিলৈ i love you কোৱা নাই প্লাৱনে। নকয় তাইও। ভাললগা মাথোঁ সকলো….সংজ্ঞাহীন..তিনিটা শব্দতকৈও বহু বেছি …..এই ভালপোৱা বুকুৰ গভীৰতাত শিপাই যোৱা।
____________
বন্যা…… Stay with me….. Don’t leave me….
বহুসময় মৌনতাৰ শেষত দেৱৰাজৰ মাত… দুটা চিগাৰেটক জ্বলাই যেন নুমুৱাইছে তাৰ বুকুৰ জুইকুৰা..
উচপ খাই উঠিল তাই।
ক’বলৈ মন গ’ল মইতো তোমাৰ নাছিলো এই কেতিয়াওঁ…. কিন্তু দেৱৰাজক আৰু দুখ দিবলৈ মন যোৱা নাই, অজানিতে চাগে দুখ দিছে তাই তাক।
তাইৰ মৌনতাই তাক ভাবিবলৈ বাধ্য কৰাইছিল চাগে। ভুল হ’ল…..
ব’লা দেৰী হ’ল…..
অনিচ্ছা স্বত্বেও বাইকখন স্টাৰ্ট দিলে সি…..
দুচকুৰে তাইৰ ওলাইছে লোতক…. বাইকৰ বতাহে শুকুৱাই দিলে সেইখিনি।
হোষ্টেল গেটত ৰখাই দিলে দেৱে।বাইকখনত আউজি ৰ’ল সি।
বন্যা…..
মই যাওঁ দেৱ। তাইৰ আজিওঁ ভাৱলেশহীন মুখমণ্ডল।
তাৰ অভিমানী মুখখনে যেন কৈছে-
“চিগাৰেটে জ্বলাই আধাপোৰা কৰা ওঁঠদুটিৰে
নিবিচাৰোঁ কাহানিও তোমাৰ মৰমৰ ঠিকনা”
কিন্তু তাই ভুল হ’ল… হঠাৎ তাইৰ হাতখনত থাপ মাৰি ধৰি নিজৰ গালৈ টানিলে সি..তাই হাওলি পৰি গ’ল তাৰ গাত।
দেৱ…. What are you doing..
চিঞৰি উঠিল তাই..
Sssssssh… Is he your boyfriend?
কাৰ কথা কৈছা
যিয়ে মোৰ আবেলিৰ ভাগবতৰা কৰে।অভিলাষ?
নহয়…
তাই এৰুৱাব পৰা নাই তাৰ হাতখন.. কথা কওঁতে চিগাৰেটৰ গোন্ধ পাইছে তাই…. নাকত লাগিছে তাৰ চিনাকী পাৰফিউমৰ গোন্ধটো। তাৰ বুকুৰ ধপধপনি তাই সম্পুৰ্ণভাৱে অনুভৱ কৰিৱ পাৰিছে।
তাইৰ ওঁঠৰ একেবাৰে ওচৰলৈ তাৰ ওঁঠটো আনি ৰৈ গ’ল সি…..
I love you…
তাইৰ ভয় লাগিছে দেৱলৈ। এইজন দেৱ বেলেগ। তাই যেন অইন এজন ল’ৰাক দেখিছে আজি। হঠাৎ সলনি হৈছে তাৰ ৰূপটো। আচৰিত। Is he a psychopath?….
তাৰ চকুত তাইৰ ভয়লগা। সাংঘাটিক জেদী হৈ পৰিছে সি। জোৰকৈ এতিয়াই উলিয়াই ল’ব তাইৰ বুকুৰ ভালপোৱা।
I don’t need your answer. I don’t care you love me or not. You are fu*king mine that’s it…..
Leave me Dev …
তাই এৰুৱাব পৰা নাই তাৰ হাতখন… তাই কষ্ট পাইছে বহুত। চকু জলজলীয়া হৈ গৈছে তাইৰ।
দেৱ I hate you .মুখেৰে ওলাই গ’ল তাইৰ আপোনাআপুনি…..
লাহে লাহে তাৰ হাতখন শিথিল হৈ পৰিছে।
…….পৰৱৰ্তী দ্বাদশ খণ্ডত…….