গ্ৰন্থ সমালোচনা…..অৰুণাভ ছাৰ (উপন্যাস )

…..প্ৰাণজিৎ কলিতা…..

গ্ৰন্থ সমালোচনা
গ্ৰন্থ :- অৰুণাভ ছাৰ (উপন্যাস )
লিখক : শ্ৰী মতী অজন্তা

অৰুনাভ ছাৰ অজন্তা বাইদেউৰ তৃতীয় খন উপন্যাস । সহজ সৰল কাব্যিক ভাষাৰে লিখা এটা মধুৰ প্ৰেম কাহিনী । অৰুনাভ ছাৰ এখন সামাজিক আত্মজীৱনীমূলক উপন্যাস যেন অনুভৱ হয় । মূল চৰিত্র মায়াবীৰ জীৱনৰ সকলো ঘাট – প্ৰতিঘাট লগতে আনন্দ , উল্লাস , আশা , সপোন , দূখ বেদনা সকলো যেন স্পষ্টভাৱে প্ৰকাশ পাইছে । ইযাৰ লগতে উপন্যাসখনত প্ৰকাশ পাইছে এক প্ৰাকৃতিক সৌন্দৰ্য্যৰ বৰ্ণনা । শ্ৰীভূমি অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ আৰু এই প্ৰদেশৰ মনোৰম প্ৰাকৃতিক শোভাৰে ভৰপূৰ টাৱাং , জিৰ’ আদি নগৰৰ বৰ্ণনা সাৱলীনভাৱে প্ৰকাশ পাইছে এনেকৈ
: ছাৰ সৌ হেঙিং ব্ৰীজখন চাওক । বতাহত কেনেকৈ দুলিছে । বতাহ নহয় যেন এটা সমুধুৰ গীতৰ ছন্দত তাল মিলাই নৃত্যহে কৰিছে । উত্তাল ….উন্মাদ …।
: মেঘবোৰ কেতিয়াবা বহুত তললৈ নামি আহে আৰু আপুনি যদি সেমেকা বতৰত ইটাফৰ্থৰ ফালে যায় সিপাৰে কি আছে একো দেখা নাপায় । যিমানলৈকে চকু যায় মেঘ মেঘ আৰু মেঘ । যেন মেঘৰ এখন বৃহৎ সাগৰ । মেঘবোৰ চুবলৈও বৰ ভাল ।উপন্যাসখনৰ আন এক মূল চৰিত্র অৰুণাভ এজন সৎ ভাৰতীয় প্ৰশাসনিক বিষয়া যিয়ে মায়াবীৰ দৰে দুই সন্তানৰ বিধৱা মাতৃ এগৰাকীক পাৰ্চনেল এচিছ্টেন্ট কৰিছিলে । যিহেতু পাৰ্চনেল এচিছ্টেন্টসকলৰ ক্ষমতা আসনত বহা মন্ত্রী- আমোলাসকলৰ আটাইতকৈ ঘনিষ্ঠ আৰু বিশস্ত সহযোগী হয় । এনে ঘনিষ্ঠতাই উচ্চপদস্হ বিষয়া অৰুণাভ আৰু বিধৱা পাৰ্চনেল এচিছ্টেন্ট মায়াবী ক্ৰমান্বয়ে ওচৰ চাপি আহি গঢ় লৈ উঠিছিল এক অনাবিল প্ৰেম । সেই প্ৰেম কেৱল আত্মিক আছিল নে শাৰীৰিক আছিল সেয়া লেখিকাই সুন্দৰভাৱে লুকাই ৰাখিছে ।
:: দেয়াৰ ইজ আনাদাৰ অ’চেন ….
মায়াবীক কৈছিল অৰুনাভ ছাৰে । মায়াবী দুচকুত লুকাই থকা পৃথিৱীখনৰ সন্ধানত অৰুণাভৰ যাত্রা আৰম্ভ হৈছিল । এই যাত্রাৰ আগলৈকে মায়াবী বুজি পোৱা নাছিল – প্ৰেম মানে কি ? স্বামী অংশুমানৰ সৈতে কটোৱা সময়খিনিত প্ৰেম আছিল নে নাই সেয়াও বুজি উঠা নাছিল মায়াবীয়ে । অংশুমানৰ ইন্দ্ৰয়ৰ প্ৰয়োজনৰ বাবে ব্যৱহৃত হোৱা সময়খিনি তাই বুজিলৈ চেষ্টা কৰা নাছিল – এনে শাৰীৰিক সান্নিধ্যৰ সৈতে প্ৰেমৰ সম্পৰ্ক কি ? কিন্তু অৰুণাভ ছাৰক লগ পোৱাৰ পিছত মায়াবী পুনৰ আবিষ্কাৰ কৰিছিল প্ৰেমৰ সংজ্ঞা ।
মায়াবী কেনেকৈ অংশুমানৰ মৰম আদৰৰ পৰা বঞ্চিত হৈ মানসিক অত্যাচাৰৰ বলী হৈছিল সেয়া উপন্যাসখনত এক অংশ হিচাপে বৰ্ণনা কৰিছে এনেদৰে
“”” মানি লবলৈ মই বাধ্য । মানি নল’লেই কাজিয়া সূত্রপাত হয় । পৰিয়ালটো শান্তি বজাই ৰাখিবলৈ ত্যাগ সদায় ময়েই কৰিব লগা হয় “”
আকৌ “” বন্ধুৰ লগত কেতিয়াবা আধা ৰাতিলৈ তাঁচ খেলে । পাৰ্টি উপভোগ কৰে , টিভিত খেল চায় । মই বুজি নাপাও কি অপৰাধত মই অংশুৰ সকলোবোৰ অপবাদ অপমান বাক্যবাণ সহ্য কৰি যাবলৈ বাধ্য হওঁ । নাৰী হোৱাৰ বাবে নে সমাজ স্বীকৃত এই বৈধ সংসাৰখনৰ স্ত্রী হোৱাৰ বাবে নে অংশুৰ সন্তানৰ মাক হোৱা বাবে ? কোনটো ইমান ডাঙৰ অপৰাধ কৰিলো মই যাৰ বাবে মোৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ডতকৈ কোনো গুণে কম নহয় । “”
কিন্তু সকলো অৱসাদ , ক্লান্তি পাহৰি পেলালে একমাত্র অৰুণাভ ছাৰক লগ পাই । এক বৰ্ণময় পৃথিৱীলৈ ৰূপান্তৰিত হল স্বামীহীন মায়াবীৰ জীৱন । মায়াবীৰ দুচকুত অন্য এখন সাদৰৰ সন্ধান দি মায়াবীকো ভৰাই তুলিলে আৰু নিজেও ভৰি উঠিল অৰুণাভ ছাৰ ।
কিন্তু উপন্যাস খনত কৈশোৰ বা যৌৱনৰ প্ৰেমৰ বৰ্ণনা নাই । তাৰ পৰিবৰ্তে জীৱনৰ শত সহস্ত্ৰ ধুমুহাই অভিজ্ঞ কৰি তোলা পৰিপক্ব প্ৰেমৰ আত্মীয়তাৰে টানকৈ বান্ধি ৰাখিছে অৰুণাভ ছাৰৰ প্ৰেম কাহিনী ।

ধন্যবাদ
প্ৰাণজিৎ কলিতা
গুৱাহাটী বিশ্ববিদ্যালয়
( লকডাউনৰ সময়ত পঢ়া এখন কিতাপ )

Share কৰক:

1 Comment

  1. ভাল লাগিল পঢ়ি?

Leave a Reply

Your email address will not be published. Required fields are marked *