…..সৌৰভ মহন্ত……
” সমুধুৰ সন্ধ্যা
মাতাল নগৰীত
ফাগুনৰ কিৰীলী……”
সময়বোৰ আগবাঢ়ি গ’ল | প্লাৱনেও লাহে লাহে University ৰ ব্যস্ত্ত জীৱনৰ লগত নিজকে খাপ খুৱাই আগবঢ়াই লৈ গ’ল | সিহঁতৰ ক্লাছ ৰাতিপুৱা ৮:৩০ ৰ পৰা আৱেলি ৪:৩০ লৈকে থাকে | ইফালে Versity Week ৰো সমাগত | জ্যেষ্ঠ সকলৰ তাগিদাত পৰি এইকেইদিন প্লাৱনহঁত March past ৰ প্ৰেক্টিছতো যাব লগা হৈছে | প্ৰথমে শান্ত-শিষ্ট ক্ৰিকেট ভাল পোৱা প্লাৱনে একদম ভাল পোৱা নাছিল এইবিলাক কৰি | কিন্তু এতিয়া তাৰ সকলো ভাল লগা হৈ পৰিছে |
Versity Week ৰ আজি শেষৰ দিন | প্লাৱন আৰু বিবেক ৰংঘৰত বহি আছে সাংস্কৃতি অনুষ্ঠান উপভোগ কৰি | তেনেতে প্লাৱনে দেখা পালে পেহীয়েকৰ ঘৰৰ ওচৰৰ তাৰ সমবয়সীয়া বান্ধবী পাহীক | তাইকো সেইদিনা ভাওনা চোৱা দেখিছিল, যিদিনা সি তাৰ ভাললগা ছোৱালীজনীক শেষবাৰৰ বাবে দেখিছিল| অনুষ্ঠান উপভোগ কৰি থকা মাজতে দুয়ো পৰিয়ালৰ খা-খবৰ লোৱা লগতে মোবাইল নাম্বাৰো আদান -প্ৰদান কৰিলে | তেতিয়াহে প্লাৱনে গমে পাইছিল পাহী ডিব্ৰুগড় University ৰে আইন Department ৰ ছাত্ৰী | প্লাৱনে পাহিক অনুষ্ঠানৰ মাজতে তাইৰ কথা সুধিম বুলি ভাবিও ৰৈ গ’ল | কিয়নো প্লাৱন ল’ৰাটো সকলোৰে দৃষ্টিত এটা ভাল ল’ৰা |
অনুষ্ঠান শেষ কৰি ৰাতি হোষ্টেল সোমাওতে বাৰ মান বাজি গ’ল | বাহিৰত কিন-কিনিয়া বৰষুণ আৰম্ভ হৈছে | প্লাৱনৰ মনটো সেমেকি উঠিছে | বহু দেৰিলৈকে বৰষুণ চাই পাৰ কৰিলে | কিয়নো তাৰ সৰু পৰাই বৰষুণ প্ৰিয় আছিল | পিছদিনা দেওবাৰ |সেয়ে হয়তো হোষ্টেলৰ সকলোৰে শুই উঠা পলম হৈছে | প্লাবনৰো উঠোতে দুপৰীয়া হ’ল | সি মোবাইলটো লৈ বিছনাৰ পৰাই পাহিক মেছেজ কৰিলে
:হায়ঃ কি কৰিছা ? মই প্লাৱন
:এনেই ৰুমতে আদ্দা..
:তোমাক কথা এটা সুধো ভূল নুবুজাটো ?
:নাই নুবুজো কোৱাছোন |
: সেইদিনা ভাওনা চাওতে যে তোমাৰ লগত একেলগে বহি থকা মৰম লগাকে ছোৱালীজনী কোন আছিল বাৰু তাই?
:তুমি কাৰ কথা কৈছা ধৰিব পৰা নাই |
:তোমালোকে যে একেলগে চাহ দিছিলা তাইৰ কথা…
:ও বুজিলো, তুমি বৃষ্টি কথা কৈছা…
প্লাৱনে এইবাৰ পাহি লৈ ক’ল কৰিলে আৰু এজনী ভাল বান্ধৱী বুলি ভাৱি গোটেই কথাখিনি ক’লে | লগতে তাইক secret কে ৰাখিবলৈ promise ও খোৱালে |
এতিয়া প্লাৱনে তাইৰ নামটো জানে | তাইৰ নাম বৃষ্টি প্ৰিয়া মহন্ত | বৰ্তমান তাই হাইয়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি উঠিছে | পাহিয়ে তাক আশীৰ্শ দি ক’লে মই তাইক তোমাৰ কথা ক’ম | প্লাৱনে আশাৰে বাট চাই ৰ’ল |
দুদিনৰ পিছত ৰাতিলৈ পাহিৰ মেছেজ আহিল…
: কি কৰিছা প্লাৱন?
: অপেক্ষাত আছো | হাঃ হাঃ
: মই তাইক তোমাৰ কথা কলো |
: কি কলে তাই ?
: তেনেকে একো নকলে |
: ৰ’বা তাইৰ নাম্বাৰটো দিও তোমাক |
: নাই নালাগে এতিয়া ,বৃষ্টি প্ৰিয়াক সুধি ল’বা..তাই অনুমতি দিলে মোক নাম্বাৰটো দিবা |
: ঠিক আছে মই তাইক সুধি জনাম তোমাক
: ঠিক আছে ….শুভৰাত্ৰী |
এনেদৰে ফোন নাম্বাৰৰ অপেক্ষাত দিন বোৰ পাৰ হৈ গৈ আছে | পাহি আৰু প্লাৱনৰো তেনেকে কথা পতা হোৱা নাই | প্লাৱন ব্যস্ত্ত হৈ পৰিছে তাৰ 2nd Semester ৰ ফাইন পৰীক্ষা ভালদৰে দিয়াত | আজি প্লাৱনে হঠাৎ পাহী পৰীক্ষা খবৰ লোৱা অযুহাতত ফোন এটা কৰিলে …..
: hello পাহী ,good evening
: evening
: কি কৰিছা ? ভাল নে তোমাৰ ?
: এনে আছো এতিয়া, ভালে মোৰ..
: এইকেইদিন পৰীক্ষা বাবে তোমাৰ খবৰ লোৱা হোৱাই নাই |
:মোৰো একে অৱস্হা |আজি বৃষ্টিৰ ৰিজাল্ট দিছে নহয় |
: মই তোমালে তাইৰ ৰিজাল্ট খবৰটো লও বুলিয়ে ফোন কৰিলো |
ৰিজাল্ট খবৰটো দি পাহিয়ে ফোনটো কাটি দি পুনৰ দহ মিনিট মানৰ পিছত প্লাৱনলৈ ক’ল কৰিলে|
: প্লাৱন মোক তুমি পাৰ্টী দিব লাগিব |
: কিন্তু কিয় ?
: বৃষ্টি ৰিজাল্ট ভাল হৈছে লগতে তাইৰ ফোন নাম্বাৰটো অৱশেষত দিব ক’লে |
: wow ….অশেষ ধন্যবাদ পাহি |
: লোৱা নাম্বাৰটো -8404……
: বহুত বহুত ধন্যবাদ
: এটা কথা, আজি ফোন নকৰিবা…কাইলৈ তাই কথা পাতিম কৈছে |
: থিক আছে পাহি , মই কাইলৈ ফোন কৰিম তাইক|
: মোক ক’বা আকৌ কি পাতিলা |
:ওম কম কম তোমাকে প্ৰথম কম|
: থিক আছে দিয়া….bye
: bye
…..পৰৱৰ্তী পঞ্চম খণ্ডত…..