ভালপোৱাৰ অনুৰণন………(খণ্ড-৩)

…..সৌৰভ মহন্ত……

এটি সুন্দৰ পুৱা | আকাশৰ এটা কোণ তেতিয়া ৰঙচোৱা হৈ পৰিছে | জাকে জাকে চৰাই মুক্ত মনেৰে উৰিছে | লাহে লাহে সকলো বাধা নেওচি দেখা দিছে সূৰ্য্য দেৱতাই | দূৰৈৰ পাহাৰটো সুন্দৰকৈ জিলিকি উঠিছে | প্লাৱনে ঘৰৰ সন্মুখৰ ফুলনি খনত বহি পুৱা পৰিৱেশৰ প্ৰতিটো মূহুতৰ সৌন্দৰ্য্য উপভোগ কৰিছে |
প্লাৱন আজি হোষ্টেল যাবগৈ | সেইকাৰণে সোনকালে নিত্য কৰ্ম কৰি যাবলৈ সাজু হ’ল | মাকে মৰমতে বনাই দিয়া পিঠা কেইটা, আচাৰ ল’বলৈ সি পাহৰিয়ে গৈছিল | মাকে মনত পেলাই দিয়াত হে সি বেগত ভৰাই ল’লে | তাৰ পাছত মাক-দেউতাকৰ আৰ্শীবাদ লৈ University লৈ ৰাওনা হ’ল | Bus ত Ear plug টো লগাই খিৰিকীৰ বাহিৰৰ ধুনীয়া পৰিৱেশটো উপভোগ কৰি গ’ল | মাজে মাজে তাৰ অন্তৰ আত্মাক চুই যোৱা তাইৰ কথাও মনলে আহি থাকিল | ভাবি ভাবিয়ে সি টোপনি গুছি গৈছিল | বাছৰ কণ্ডাক্ট জনৰ চিঞৰত সাৰ পাই দেখে তাৰ লাহে লাহে আপোন হৈ উঠা ঠাইখনৰ জ্যোতি বাটচ’ৰাটো | বাছৰ পৰা নামি ৰাষ্টাটো পাৰ হৈ হোষ্টেলৰ দিশে আগবাঢ়ি যোৱালৈ সন্ধিয়া হ’বৰে হ’ল | University কেম্পাছত Street light বোৰ জ্বলি উঠিছে | লাহে লাহে সি আগবাঢ়ি গৈ থাকোতে তাৰ চকু পৰিল University ground ৰ ওপৰত | নতুনকৈ লগোৱা Helogen কেইটাই খেলপথাৰ খনৰ সৌন্দৰ্য্য দুগুণে বঢ়াইছে | এটা সময়ত সি হোষ্টেল পালেগৈ | তাক দেখিয়ে লগৰ দুটামান দৌৰি আহিল,”আৰে প্লাৱনে ঘৰৰ পৰা ধেই বস্ত্ত আনে খাও ব’ল ব’ল “|
DUIET হোষ্টেল-১ৰ ১২ নং কোঠাটোত প্লাৱন আৰু তাৰ বন্ধু বিবেক থাকে | সিহঁত দুয়োৰে department একে হোৱাৰ বাবে বন্ধুত্ব যথেষ্ট গভীৰ হৈ পৰিছে | যি কৰে দুয়োয়ে আলোচনা কৰিয়ে কৰে | গধূলি চাহৰ কাপটো হাতত লৈয়ে বিবেকে প্লাৱনক সুধিলে,”বন্ধু তোৰ বন্ধ কেনেকৈ গ’ল”? প্লাৱনে তপৰাই উত্তৰ দিলে “তোক যে বহুত কথাই ক’বলৈ আছে, তই শুনিলে আচৰিত হৈ যাবি | সেই বুলি কৈ গোটেই কথাবোৰ একেটা উশাহতে কৈ পেলালে…….| দুয়ো বন্ধু বহি পৰিছে এতিয়া ছোৱালীজনীৰ ঠিকনাৰ সন্ধানত |

…..পৰৱৰ্তী চতুৰ্থ খণ্ডত…..

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *