……প্ৰাণজিৎ কলিতা…..
বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ অভূতপূৰ্ব সাফল্যৰ অন্ততঃ আজি সকলোতে যেন এক যন্ত্রৰ পৰিবেশৰ সৃষ্টি হৈছে । নিমিষতে সৃষ্টি কৰি মানুহৰ সময় আৰু কষ্ট লাঘৱ কৰি পেলাইছে । তথাপি যেন ৰাজীৱৰ আহৰি নাই , ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ , ঘৰৰ পৰা কিছু নিলগত তাৰ কাৰ্যালয় । আজি দুদিনমান আগৰ পৰা মাকৰ ফোন আহি আছে , অহাকালি ১৭ মাঘ , দেউতাকৰ মৃত্যু বাৰ্ষিকী । মাকৰ ইচ্ছা যোৱা পাঁচবছৰে টকাৰ অভাৱত দেউতাকৰ মৃত্যু বাৰ্ষিকী ভালদৰে অনুষ্ঠিত কৰিব পৰা নাই । এইবাৰ পুতেকৰ চাকৰি হ’ল, ডাঙৰকৈ কৰিব , গাওঁৰ সকলোকে মাতিব , ভোজ-ভাত খুৱাব । কিন্তু পুতেকে কামৰ ব্যস্ততাৰ বাবে বাৰ্ষিকীৰ দিনা ৰাতিপুৱাহে যাব পাৰিব বুলি মাক ক’লে । আজি ৰাতিপুৱাৰ পৰা মাকৰ মনত শ্ৰদ্ধাঞ্জলী ভাৱৰ উগুল – থুগুল , বাৰে বাৰে পুতেকক ফোন কৰিছে কিমান আহি পালে ? হঠাৎ মাকৰ মবাইলত এটি অচিনাকী নাম্বাৰ ফোন বাজি উঠলি আৰু ক’লে ” আপুনি ৰাজীৱৰ মাক হয়নে ? ৰাজীৱৰ car accident হৈছে …. হস্পিতালত ভৰ্তি কৰাইছো আপুনি সোনকালে আহক ।” মাকৰ মূৰত যেন বিঘাতৰ ধুমুহাজাক ঘূৰিবলৈ ধৰিলে , শ্ৰাদ্ধৰ শ্ৰদ্ধাঞ্জলী বুকুত খামচি হস্পিতাললৈ ঢাপলি মেলিলে । ৰাজীৱে নিজৰ জীৱন নিষ্ঠুৰতাৰ কৱলৰ পৰা মুক্ত কৰিব নোৱাৰি মাকক অকলশৰীয়াকৈ দেউতাকৰ ওচৰলৈ চিৰদিনৰ বাবে গুচি গ’ল ।
প্ৰাণজিৎ কলিতা
গুৱাহাটী বিশ্ববিদ্যালয়