…….ছন্দামিতা ঠাকুৰীয়া…..গুৱাহাটী বিশ্ববিদ্যালয়…….অসমীয়া বিভাগ……
বাটচৰাটো পাৰ হৈ, ঠিক নঙলামুখতেই
গছজোপা ।
চম্পাফুলৰ গছ ।
বসন্তৰ ৰাগীলগা দিনত
লঠঙা ডালবোৰত ছানি ধৰিছিল ফেঁহু বৰণীয়া ফুল
ৰাতিপুৱা মায়ে চোতালত সৰা ফুলবোৰ
বাঢ়নীৰে সাৰি অটাইছিল ।
পিছদিনা আকৌ সৰিছিল ।
সৰা-মচাৰ খেলখনৰ মাজতেই
মই আঁজলি ভৰাই চম্পাফুল বুটলিছিলো
উশাহত থৈছিলো সাঁচি
সেই জুৰণীয়া গোন্ধ
বুকুতে থৈছিলো আঁকি
সময় কেনভাচৰ ধূসৰিত ৰং !
খোপা বান্ধি চম্পাফুল গুজি লোৱাৰ হাবিয়াসকণ আছিল
পুৰণি আখৰৰ মাজত পৰি ৰোৱা
এটা সাধু কথাৰ দৰে !
কোনোবা বসন্তৰ ধুমুহা অমানিশাত
এদিন গছজোপা উভালিছিল,
মই খোপা বান্ধিব পৰা হৈছিলো !
তেনে বেহিচাপী বহু বসন্তৰ অন্তত
মই এই কাহিনীৰ কথক নহওঁতেই
আজি তুমি হঠাত মোৰ দুহাতত গুজি দিলা
এপাহ চম্পাফুল !
মই চাই ৰ’লো
চাই ৰ’লো…
তুমি কিয় কঁপি উঠিলা?
খোপাত চম্পাফুলপাহ গুজি লোৱাৰ
অৱকাশ থকাৰ, পিছতো
কেৱল আওৰাইছিলো,
এবুকু মামৰে ধৰা শূন্যতাৰ আত্মগাঁথা !
পুৰণি আখৰৰ মাজত পৰি ৰোৱা
সাধুটোৰ দৰে…..
সময়খিনিক, গছজোপাক, গোন্ধটোক নে তোমাক….
কাক এৰি আহিলো তাত ?
আজি ফুলপাহৰ সৈতে মোৰ
অন্তহীন আলাপ….
ফুলপাহৰ সৈতে মোৰ
শেষ নোহোৱা ৰাতিৰ চৰ্তবিহীন বিষাদ ৰাগ !!!