……এম.আমিন…….
উৰুঙা হৃদয়ৰ উদাস পদূলিত
প্ৰতিনিয়ত বলে
এজাক বিষাক্ত ধুমুহা,
সমাজৰ নীতিত গজি উঠে
বিষাদৰ অৰণ্য,
শুভ্ৰ সাজত বৈধব্যৰ চেকুঁৰা দাগ,
মানুহবোৰ অমানুহ হোৱা বাবেই
যৌৱনে কৰাঁল বান্ধে দেহত।
আধুনিকতাৰ পৰশত মাতাল সমাজে
বুকুত গুজি দিয়ে গোড়ামীৰ কাঁইটীয়া গোজ,
নিজে ৰচা সপোন নিজেই গচকি অকালতে
আগুৱাই এখোজ-দুখোজ।
বৈধব্যৰ উতলা যৌৱনত
শান্তিৰ বগা চাপ বহুৱাই
কান্ধত তুলি দিয়া হয় অমঙ্গলীয়াৰ বোজা।
হে সমাজ!
এবাৰ সুধি চাবা
বৈধব্যৰ বুকুত বিষাদৰ কিমান যন্ত্ৰণা !
এবাৰ পিন্ধাই চাবা শুভ্ৰতাৰ পৰিৱৰ্তে ৰঙীন এসাজ,
পিন্ধাই চাবা শিৰত সেন্দুৰ
নতুবা এখন হিজাব,
বুজি চাবা, শুভ্ৰতাৰ আঁৰত লুকাই থকা
এবুকু অব্যক্ত যন্ত্ৰণা।
বুজিবা!
বুজিবা, যদিহে মানুহ হোৱা।
** *** ** ** **