……ডেইজী কলিতা…….
কেতিয়াবা জীৱন নৈত ভটিয়াই গৈ এৰি অহা সময় বোৰক আৰু ব্যস্ততাৰ অজুহাতত হেৰুওৱা মই জনীক আকৌ এবাৰ বিচাৰ কৰি চাব বিচাৰো, কি ভাল কৰিলো কি বেয়া কৰিলো তাৰ অংক টো ভালকৈ আকৌ এবাৰ মিলাই চাব বিচাৰো। অতীতৰ পৃষ্ঠা লুটিয়াই ভূল-শুদ্ধ বোৰ আওৰাই চোৱা টো অনৰ্থক বুলি জানিও পুনঃ এবাৰ স্ববিশ্লেষণ কৰিবলৈ বিচাৰো।
অবুজন মনটি কেতিয়াবা এইটো ভাবিয়েই হাহাকাৰ কৰি উঠে যে জীৱনত এনেদৰে কিহৰ পিছতনো দৌৰিলো যে আজি নিজকেই ইমান পিছত এৰি থৈ আহিলো। স্বনিৰ্বাছিত ও স্বনিৰ্মিত সম্বন্ধ বোৰৰ মাজত ভাৰসাম্যতা বজাই ৰখাৰ যত্ন কৰি কৰি যেন লাহে লাহে নিজেই কৰবাত হেৰাই গৈ আছো।
বহুজনৰ বাবে বহুবাৰ আত্মবিশ্বাস হেৰুৱাইছো, কেতিয়াবা মানসিক অশান্তিত ভুগিছো, তথাপি সকলোবোৰ ঠিক হোৱাৰ আশা পুহি ৰাখিছো।
ভূল জনৰ পৰা মিছা প্ৰত্যাশা কৰি অন্তৰত আঘাত পাইছো, আকৌ সেই আঘাতত মলম লগাবলৈ গৈ পুনৰ সেই একে ভূলেই কৰিছো।
বহু ক্ষেত্ৰত হতাশ হৈছো, কান্দিছো, দুখ পাইছোঁ, দুৰ্বল হৈছো; তথাপি তেনেকৈয়ে মুখত হাঁহি এটি পিন্ধি জীৱনটো সজাই লবলৈও শিকিছো, পৰিপক্কতাৰে জীৱনটো বুজিবলৈ চেষ্টা কৰিছো।
নিজৰ সুখ বোৰ আওকাণ কৰি মোৰ লগত জড়িত মানুহবোৰক সুখী কৰিবলৈ গৈ আজি নিজকে হেৰুৱাই পেলাইছো। পাহৰি গৈছো যে নিজক সুখী নকৰাকৈ আনক সন্তুষ্ট কৰাটো অসম্ভৱ।
ক্ৰমান্বয়ে বুজি উঠিছো নিজৰ বাবে কিবা এটা ভাল আৰু একেবাৰে বেয়া এটা নিজৰ ওপৰতেই নিৰ্ভৰ কৰে, আনৰ ওপৰত দোষ বোৰ জাপি দি আমি মাথো সমালোচনা বোৰৰ পৰাহে নিজকে আঁতৰাই ৰাখিব বিচাৰো।
জীৱনত হেৰুওৱা বোৰৰ বাবে চকুলো টুকিছো সঁচা কিন্তু পোৱাবোৰৰ বাবে হাঁহি হাঁহি নেদেখা জনৰ ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰিবলৈ পাহৰি গৈছো।
এতিয়া লাহে লাহে নিজক বুজি উঠাৰ, নিজক বিচাৰি লোৱাৰ চেষ্টা কৰি আছো। সপোন দেখিছো আৰু সেইবোৰ পূৰণৰ বাবে যুঁজিব পৰা সাহস খিনিও মনত সন্তপর্নে পুহি ৰাখিছো।
জীৱনটো গতানুগতিক ভাবে কটাই নহয়, ইয়াৰ প্ৰতিটো মূহুৰ্ত সমান উত্সাহেৰে উৎযাপন কৰিব বিচাৰো।
নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে গোপনে এখন যুদ্ধৰ আয়োজন চলাইছো। এইয়া নিজেই নিজৰ বিৰুদ্ধে ঘোষিত কৰা যুদ্ধৰ আৰম্ভণিহে মাথো। নিজক জানিবলৈ, বুজিবলৈ এতিয়াও বহুত বাকী। জীৱন যুঁজত জয়ী হবলৈ সকলো শক্তি জাগ্ৰত কৰি ৰাখিছো, ৰাখিবই লাগিব। কাৰন- “মই ভাগৰা নাই, জীৱন হেৰুওৱা নাই…!”
Val lagil prhi.. same condition mur lgt o.
Hokolure ekei… Bdy thanks