…..মূল : ফাইজ আহমদ ফাইজ……অনুবাদ : প্ৰিয়ংকা বেজবৰুৱা……
আমি প্ৰত্যক্ষ কৰিম।
এয়া অনিবাৰ্য যে আমি প্ৰত্যক্ষ কৰিম
আমি নিশ্চয় প্ৰত্যক্ষ কৰিম ।
সেই দিন যি প্ৰতিশ্ৰুত,
নিয়তিয়ে লিখি যোৱা সেই দিন
আমি প্ৰত্যক্ষ কৰিম ।
আমিও প্ৰত্যক্ষ কৰিম
যেতিয়া উৎপীড়ন আৰু
নিষ্ঠুৰতাৰ হিমালয়
কমোৱা তুলাৰ দৰে উটি ভাহি ফুৰিব,
শাসিতসকলৰ পদধ্ধনিত এই ধৰা
এদিন সজোৰে কঁপি উঠিব
আৰু কঁপিব ৰজাঘৰীয়াৰ মচনদ,
বজ্ৰনিনাদৰ শৱদত ।
যেতিয়া মিথ্যাবাদৰ
দেৱতাসকলৰ ভণ্ডতাৰ মুখা
আঁতৰিব,
যেতিয়া সেই দেৱতাৰ
পদদলিতই আৰোহণ কৰিব
উচ্চাসন,
ৰজাঘৰীয়াৰ শিৰৰ মুকুট
আঁজুৰি অনা হ’ব,
ৰাজসিংহাসনৰ পদগৰ্ব ধূলিস্যাত
কৰা হ’ব ।
মাথোঁ ৰৈ যাব নাম সৌ
নেদেখাজনৰ
যিজন অদেখা হৈও দৃষ্টিগোচৰ
আমাৰ,
দৰ্শক হৈও পথ প্ৰদৰ্শক আমাৰ ।
ময়েই চিৰসত্য বুলি চৌদিশে
গুঞ্জিত হ’ব
যি মই হওঁ অথবা তুমি নিজেও
সেই দিন আমি প্ৰত্যক্ষ কৰিম,
আমি নিশ্চয় প্ৰত্যক্ষ কৰিম ।
আমি চাম
আমি চাই ল’ম ।
আচ্ছা হ্যে❤