……..ঋষিকা দাস…….
“তোমাৰ পুৱাৰ মাতষাৰী শুনিবলৈ বৰ মন গৈছে, ক’ল এটা কৰিব পাৰিম নে” ?- চকু দুটা মোহাৰিয়ে পোৱা মেচেজ টোৱে যেন তাইৰ বুকুৰ সাগৰ খনত ছুনামি হে আনিছে আৰু পলকতে তাই স্মৃতিৰ ঢৌ বোৰত ডুব গল।
উত্তৰত কি লিখিব; পাৰিব জানো ক’ল কৰিব; কি আছে তাইৰ মাতত; আদি ভাবি প্ৰশ্নৰ ভঁৰাল টো ঢুকি নাপাওঁতেই তাই ক’ল কৰিলে – হেল্ল’! …
আহ ! এয়া সেই একেই মাত(চকুত টোপনিৰ জাল অথচ ডিঙিত হেই গলগলিয়া মাত) সলনি একোৱেই নাই হোৱা, যদি হৈছে কিবা সেয়া তাইহে। তাই আনৰ হব কাহানিও বিচৰা নাছিল, নিজৰ মাজতে সুখ সন্ধান কৰাজনী হে তাই, সেইবাবেই চাগে তাই যেতিয়া শুৱে আনক নিদ্ৰাহীন কৰি দিয়ে! সময় বোৰো বৰ নিষ্ঠুৰ নহয়নে, সময়ৰ আগত ইচ্ছাৰ নো কেতিয়া চলিছে?কলেজৰ কেম্পাচত বৈছে তেতিয়া ইলেক্সনৰ বা, বতাহৰ মৃদু ভাজত যেন তাইৰ ৰঙা চূৰ্ণীয়ে লৈ গল তেওঁৰ হিয়া। তুমি আৰু মই ৰ পৰা এতিয়া ‘ আমি ‘ হলগৈ; তেওঁৰ ৰতিবোৰ তাইৰ দিন হব ধৰিলে আৰু কথা বোৰ আঁকি থলে কবিতাৰ শিৰোনামত। কিন্তু তাইতো আনৰ হব বিচৰা নাছিল, হাঁহিৰ কাৰণ বোৰ তাই আনৰ কথাৰ মাজত কেতিয়া বিচৰা হল? ৰাতিৰ আকাশত তৰা গণি জোনটোক কাহিনী শুনাই ভালপোৱা জনী ও আজি ৰৈ থাকে তেওঁৰ মাত টোৰ অপেক্ষাত । সময়ে জীৱনক বিশ্বাস নকৰে, জীৱন টো হে সময়ৰ মতে চলে। অসংযমিত মন দুটিৰ ভ্ৰান্ত নাম টি হল প্ৰেম। যাক খেপিয়াই ফুৰিলেও ধৰা নিদিয়ে অথচ দিয়ে হাজাৰ স্মৃতি। স্মৃতি বোৰক পাহৰা তুমি , স্মৃতি বোৰ কিন্তু লগতে যাব যতে তুমি যোৱা।
কাহিনীবোৰ আৰম্ভ হৈছিল হে, যদিওবা অনুমতি অবিহনে দুয়োৰে; ইয়াক শেষ কৰাৰ আদেশ দিব পাৰিব জানো দুয়ো! সময়ৰ বিৰুদ্ধে জীৱন যুঁজিব নোৱাৰে , যুঁজিলেও হাৰিব কিম্বা জিকিব নোৱাৰে; সময়ে মাথো দিয়ে শিকণী আৰু লগতে উপহাৰ স্বৰূপে এটি এটি জীয়া কাহিনী।
তেওঁ পুহি ৰাখিছিল মনত খং আৰু তাই ভ্ৰম, ‘প্ৰেমৰ’ ভ্ৰম। আদি আৰু অন্ত নোহোৱা স্তব্ধ হৈ ৰোৱা কাহিনীবোৰ পুনৰাই যেন হৈ গল জীয়া কাহিনী…. হেল্ল’! হেল্ল’!
…… তোমাক এটাই অনুৰোধ, মোক পুনৰ ডুবিব নিদিবা তোমাৰ শব্দৰ প্ৰেমত।।