……হেমা চহৰীয়া…….
ভাইৰাচ ক’ৰোনা
মানুহৰ তেজ শুহি শুহি খাই তই
বঢ়াব খুজিছ বল;
তোৰ ধংস হ’ব কৌশল ।
তই নাভাবিবি
আমি ভাৰতীয়, আমি অসমীয়া
অজলা, অকৰা বুলি,
তোক ৰোধিবলৈ আমাৰো যে আছে বল ।
..
তই বুজা নাই,
ভাৰতী অসমীৰ প্ৰতি ঘৰে-বাৰীয়ে
আদা, হালধি, মহানিম, তুলসীয়ে
ৰোধিব পাৰিব যে তোক ।
তই শুনা নাই
আমাৰ দেশৰ জীয়ৰী-বোৱাৰীয়ে
পুৱা-গধুলি নামঘৰত জ্বলাই চাকি
ধূপ-ধূনাৰ গোন্ধত দূৰতে বিদুৰ হয়,
ৰোগ ব্যধি ।
তই নাজান’ !
আমাৰ দেশৰ নাৰীয়ে
ৰাতিৰ ভিতৰতে বই উলিয়াই কবচ কাপোৰ
সেই সাজ পিন্ধি ৰণ জিকে
ভাৰতীয় বহু পুৰুষে
আৰু এয়া তন্ত্ৰ মন্ত্ৰৰ দেশ
এই কথাই তোক থলো সকিয়াই ।
এয়া চ’তৰ বতৰ
গছৰ ডালে ডালে
কুঁহিপাত মেলাৰ বতৰ
বৰদৈচিলাজনী মাকৰ ঘৰলৈ
যোৱাৰ বতৰ;
পাহুৱাল ডেকাই পেপাঁটি বজাই
ব’হাগীক আদৰাৰ বতৰ
আৰু আয়ে বছৰেকৰ বিহুটিত
পোনাহঁতক বিহু চেৰীয়া নকৰো
বুলি তাঁতৰ পাতত
বহাৰ বতৰ ।
কিন্তু সকলো যেন আজি
নীৰৱ, নিৰস;
কৰ্মব্যস্ত বিজ্ঞানৰ মানৱে
তোৰ ভয়তেই সুঁৱৰিছে
ত্ৰাহিমান ত্ৰাহিমান ।
তই আঁতৰি যাবই লাগিব ক’ৰোনা
কাৰণ
ক’ৰোনা কাতৰ অসমীয়াৰ
প্ৰতি ঘৰে ঘৰে
উচ্চাৰিত হৈছে আজি
“কৰিও হৰিৰ চৰণে ৰতি
কলিত হৰিৰ নামেসে গতি ” ।