……চিংকুমণি অধিকাৰী……
সপোনৰ শেষৰটো ষ্টেচন জালুকবাৰী , যাৰ বতাহত মায়া উৰে
চেনিপুলৰ বিষণ্ণ গধূলি
অথবা মাৰ্কেটৰ ৰঙীন সন্ধিয়া
হাতত হাত থৈ জালুকবাৰীয়ে খিলখিলাই হাঁহে ।
নীলাচলৰ পাহাৰত চহৰখনলৈ সন্ধ্যা নামে ; লাইটৰ তিৰবিৰণিত পুখুৰীটোৰ কাষত কোনে মুখ ঢাকি কান্দে ,
জালুকবাৰীক এৰি থৈ যোৱাৰ বিৰহত !
হালধীয়া পোহৰত আৱেগ জিলিকি থাকে ; শব্দ কৰি শেষৰখন বাছে আৰ্টছ বিল্ডিং এৰে
বাস্কেটবল কোৰ্টত মুখবোৰ উজ্জ্বল হৈ উঠে , কেঁকুৰীটোত বহি কোনো প্ৰেমিকে টেলিফোনত বিষাদৰ গান জুৰে
এজাৰৰ ভৰত কোঙা জালুকবাৰীৰ বসন্ত ; বৰষুণত তিতি সিহঁতে হৰ্ষমনে হোষ্টেললৈ খোজ দিয়ে
কোঠা নং ২২ ত কোনে উনাই নিশা হাইৱেৰ গাড়ীৰ শব্দ ,
উজাগৰী এই চহৰৰ স্মৃতিবোৰে কাক ব্যাকুল কৰে
বিশ্ববিদ্যালয়ৰ বাছখন চকুৰ আগেদি পাৰ হৈ যায় , তাই ৰৈ দিয়ে
চহৰৰ কোলাহল পাহৰি জালুকবাৰী শান্ত হৈ থাকে , সেউজীয়া হৈ থাকে ।
চিংকুমণি অধিকাৰী
৮১৩৫০৯৩৪৪২