……✍️বেদান্ত হাজৰিকা…….
তৰুণী বতাহৰ উশাহী বতৰা
বহু হৃদয়ৰ সপোন সপোন যেন কথা।
হেজাৰ প্ৰেমৰ সৃষ্টি
দিগন্তমুখী চেতনাৰ বৃষ্টি
প্ৰতিভাৰ আলোড়ন
জীৱনৰ নৱ-জাগৰণ।
জালুকবাৰী উন্মনা যৌৱনৰ হাবিয়াস
পাৰ কৰি অহা প্ৰতিক্ষণ মোৰ জোনাক জোনাক।
আখৰে বুজাব নোৱাৰো
জালুকবাৰীলৈ থকা মোৰ বাখৰ।
সেউজীয়া মন এটাৰে কওঁ দুনাই
জালুকবাৰী,ভালপাওঁ তোক
সুখৰ চকুলোৰ সমান।