…….ইমন কায়স্থ…..
সুইট্… সুইট্…..গলিটোৰ জাবৰবোৰ নিবলৈ অহা মানুহজনৰ হুইচেলৰ শব্দত টোপনি ভাগিল তাইৰ। ম’বাইলটো চালে, ছয় বাজিছে। হোৱাটচএপত মেছেজ এটা আছে পাঁচ বাজি তেইশ মিনিটত। “Okoman xui lou ha etiya. 11 tat meeting. 9:45 manot jogai dibasun.” এইবাৰ কল লিষ্টখন চালে তাই। চাৰি বাজি ঊনপঞ্চাশ মিনিটত ফোন কৰিছিল সি। গুৱাহাটী আহে পালে। পল্টনবজাৰৰ ময়ূৰ হোটেলত ৰূমটো লৈয়ে ফোন কৰি কথাটো কৈছিল সি। এতিয়া ফ্ৰেছ হৈ লওঁ দেই বুলি কৈ লাইন কাটি দিয়াৰ পিছত তাই আকৌ টোপনি গৈছিল। তাৰ হোৱাটচএপৰ ডিপিখন চাইছে তাই। মৰম লাগে। যদিও সি বয়সত তাইতকৈ তিনি বছৰ ডাঙৰ, তথাপিও যেন কোনোবা সময়ত সি তাইৰ ওচৰত একেবাৰে সৰু ল’ৰাটো হৈ পৰিব খোজে! আপোনা-আপুনি মুখত প্ৰাপ্তিৰ আভা এটা বিয়পি পৰিল তাইৰ।
হোষ্টেলৰ ছোৱালীজনীয়ে চাহ দি গৈছে ইতিমধ্যে। আনদিনা তাই চাহ নাখায়। টোপনিয়াই টোপনিয়াই কোনোমতে দুৱাৰখন খুলি ৰূমমেটৰ কাৰণে চাহ লৈ টেবুলতে ঢাকি থৈ আকৌ শুই যায়। ৰূমমেটজনী এই সময়ত কোনো দিনেই সাৰ পোৱা দেখা নাই তাই। সদায় সাত বাজেই, ঠাণ্ডা হোৱা চাহকাপ গৰম কৰি খায়। আজি পিছে তাই দুটা কাপত চাহ ল’লে। দুৱাৰত নক্ কৰা শুনিয়েই একেজাঁপে বিচনাৰ পৰা নামিল। চাহ দুকাপ টেবুলতে ঢাকি থৈ ব্ৰাছ কৰি আহিল। মুখখন মচি চাহৰ কাপটোৰ সৈতে বিস্কুটৰ টেমাটো লৈ ছাদৰ ওপৰ পালেগৈ। কিমান দিনৰ মূৰত যে তাক লগ পাব তাই! ক্লাছো নাই আজি। পিছে হ’লে কি হ’ব? নতুন চাকৰিটোত জইন কৰাৰ পৰা তাৰ ব্যস্ততা বাঢ়িছে। অফিচৰ কামত গুৱাহাটীলৈ আহিলেও তাইক সি বেছি সময় দিব নোৱাৰে। কামবোৰ লৰা-লৰিকৈ শেষ কৰি তাইক অকণমান সময়ৰ কাৰণে লগ কৰি যায়গৈ। কি যে চাকৰিডাল কৰিছে, আজি দেওবাৰেহে মিটিংখন দিবলৈ পালে! ৰাতিপুৱা পাইছেহিহে। দিনত মিটিং কৰি আকৌ ৰাতিৰ বাছত ঘূৰিবই লাগিব। অফিচ মিছ কৰিব নোৱাৰে। অক্টোবৰত ককায়েকৰ বিয়া। সেয়েহে সি চুটীবোৰ গোটাই থৈছে। বেচেৰাটোলৈ বেয়াও লাগে তাইৰ। ইমান কষ্ট হৈছে! এইবোৰকে ভাৱি ভাৱি তাই হোষ্টেলৰ ছাদৰ ওপৰৰ নিৰ্দিষ্ট ঠাইডোখৰত ৰৈ বেলিটোৰ ফালে পিঠি দি চাহ কাপ খোৱা শেষ কৰিলে। আগনিশাই তেল সানি থোৱা চুলিকোছা মেলি পিঠিটো ঢাকি লৈছে। পুৱাৰ ৰ’দটো কোমল যদিও বেছি দেৰি ল’ব নোৱাৰি, পিঠি চেকচেকাই যায়। চাহ খোৱা শেষ কৰি ৰূমলৈ আহিল তাই। বিচনাখন সামৰি ৰূমটো সাৰিলে, মচিলেও। যিমান পাৰে শব্দ নোহোৱাকৈ তাই কামবোৰ কৰিছে। ৰূমমেটে বাগৰ সলাইছে, দেওবৰীয়া টোপনি সদায় স্পেচিয়েল। তাই গা ধুবলৈ ওলাল। চুলিকোছা ধুলে। তাইৰ চুলিকোছা সামান্য কেঁকোৰা। ফুলি থাকে। সি কয়, তাইৰ এই চুলিৰ কাৰ্লটো তাৰ হেনো বৰ ভাল লাগে। শ্যেম্পু কৰাৰ পিছত নাচুৰিলে কাৰ্লটো ধুনীয়াকৈ ৰৈ যায়। তাই আজিও তাকে কৰিছে সেইকাৰণে। আবেলি যে তাৰ সৈতে ওলাই যোৱাৰ কথা!
চাৰে তিনি বাজিল, তাৰ ফোন নাই। চাৰি বাজিল, আৰু বিশ মিনিট পাৰ হ’ল, নাই তাৰ ফোন অহাৰ কোনো উমঘামেই নাই। অভিমানত তাইৰ নাকৰ পাহি ফুলিছে, মুখখন ফুলা লুচিখনৰ সমান হৈছেগৈ। মুখেৰে ভোৰভোৰাইছে, ‘চুলিসোপা আঁচুৰি পেলাম এতিয়া। এইবোৰ কাৰ্ল-চাৰ্ল নোহোৱা হৈ যাওক।’ বাৰে বাৰে ম’বাইলটো চাইছে। ফোন-মেছেজ একো নাই। তাইৰ মুখখন কান্দো-কান্দো যেন হৈ পৰিছে। ৰূমমেটে জোকাইছে। চাৰি বাজি চৌত্ৰিশ মিনিট। কিয় এনেকুৱা সি! ৰাতিপুৱাই ভাৱি থৈছিল, চানমাৰি ফ্লাই অ’ভাৰলৈ যাব। আবেলি সময়ত ফুটপাথত খোজ কাঢ়ি ভাল লাগে। তাতে সি লগত থাকিলে ভাল লগাবোৰ আৰু বিশেষ হৈ পৰে। ফ্লাই অ’ভাৰলৈ শিলপুখুৰীৰ পৰা বেছি দূৰ নহয়। পপকৰ্ণ খাই খাই ফ্লাই অ’ভাৰতে বহিব অলপ সময়, চান চে’ট্ চাব। ঘূৰি আহি ‘দি ধাবা’ত কফি খাব। দি ধাবাৰ কফিকাপ যে ইমান টেষ্টি, ভাৱিলেই মুখলৈ পানী আহি যায়। কিন্তু নহাই হ’ল নহয় সি!
তাইৰ ফোন বাজিল। তাৰ নম্বৰটো জিলিকি উঠিল। “যাঃ, নধৰোঁ মই। নোমাতো আৰু।” বাজি বাজি বন্ধ হৈ আকৌ বাজিল ফোন। এইবাৰ ৰিচিভ কৰিলে তাই। “নামি আহা আকৌ। তোমাৰ হোষ্টেলৰ সন্মুখত ৰৈ আছো নহয়।” “ৰ’বা, দুই মিনিট।” মুহূৰ্ততে তাইৰ খং-অভিমান নোহোৱা হৈ পৰিল। লৰা-লৰিকৈ জিন্স আৰু কুৰ্তী পিন্ধি ল’লে তাই। চুলিখিনি হাফ্-ক্লাটচ কৰিছে। চালে, কাৰ্লটো ঠিকেই আছে। কঁপালত সৰুকৈ ক’লা ফোঁট এটা লৈ পাতলকৈ কাজল অকণ সানি ল’লে চকুত। লিপষ্টিক নাসানে তাই। মেইণ্টেইন কৰিব নোৱাৰে। কথাৰ পাকতে ক’ব নোৱাৰাকৈয়ে চেলেকি খাই পেলায়। চেণ্ডেলযোৰ পিন্ধি একে দৌৰে গৈ তাৰ ওচৰ পালেগৈ। ডেইৰি মিল্কটো তাইৰ হাতত গুঁজি দি সি ক’লে, “ব’লা, দীঘলী পুখুৰী যাওঁ।” “ই…চানমাৰি ফ্লাই অ’ভাৰ যাম ভাৱিছিলো, চান চে’ট্ চাম ভাৱিছিলো। আৰু ভাৱিছিলো ঘূৰি আহি দি ধাবাত কফি খাম।” “ব’লা তেনেহ’লে, তালৈকে যাওঁ।” “নেলাগে। দীঘলী পুখুৰী গ’লে তোমাৰ লগত বেছি দেৰি খোজকাঢ়িবলে পাম, ফ্লাই অ’ভাৰলে অকমানহে দূৰ। ব’লা। সেইবুলি ঘূৰি আহি দি ধাবাত কফি খাম কিন্তু।” দুয়োটা দীঘলী পুখুৰীৰ ফালে আগবাঢ়িল। তাই ডেইৰি মিল্কৰ পেকেটটো খুলিলে। দুটুকুৰ তাক দি বাকীখিনি নিজৰ মুখত ভৰাই থ’লে। সি হাঁহিলে। কিবা কিবি কথা পাতি পাতি সিহঁত গৈ গুৱাহাটী ক্লাব পালেগৈ। সি হাতত ধৰি তাইক ৰাস্তাটো পাৰ কৰাই দিলে। এনেই ফুটপাথত খোজকাঢ়োঁতে সি তাইক হাতত ধৰিবলৈ নিদিয়ে। মানুহে দেখিব বুলি লাজ কৰে। তাই কেতিয়াবা এইটো কথাত থেনথেনায়। সি কয়, “ৰ হে। বিয়া পাতিয়ে নিম আৰু দুবছৰ মান পিছত।” ‘তুমি’টো কেতিয়াবা ‘তই’ হৈ যায়। তাই হাঁহে। তাৰ মৰমবোৰ অনুভৱ কৰিব পাৰে তাই।
ৰবীন্দ্ৰ ভৱনৰ সন্মুখত হঠাতে উজুতি খাই পৰিব খুজিছিল তাই। “হেই এইজনী, ভালকে খোজকাঢ়িবলে নিশিকিলি আৰু আজিলেকে!”-তাইৰ হাতখনত থাপ মাৰি ধৰিলে সি। “ইহ্! ফুটপাথবোৰ ইমান খলা-বমা আক’। তুমি অকল মোৰেই দোষ দেখি থাকা। চোৱাচোন কেনেকে পথালি পকাবোৰ ওখোৰা-মোখোৰাকে লগাই থৈছে।”
দীঘলী পুখুৰীৰ এণ্ট্ৰেন্সটো পাই তাই ৰ’বই নোৱাৰিলে- “ওলমি থকা ছাতিকেইটা কি মৰম লাগে চোৱানা।” “ৰ’বা ৰ’বা, টিকট নকটাকে ক’লৈ যোৱা আক’?”-সি দহ টকাৰ টিকট দুটা ল’লে। ইতিমধ্যে সন্ধিয়া হৈছিল। লাইটবোৰ জ্বলি উঠিছিল। দীঘলী পুখুৰীৰ কেউফালে ফুলেই ফুল। টাববোৰত নাৰ্জী ফুলবোৰ বৰ ধুনীয়াকৈ সজাইছে। গাড়ীৰ পুৰণা টায়াৰ কিছুমানত ৰং কৰি ফুলৰ পুলি ৰুই শাৰী শাৰীকৈ ওলমাই দিছে। “ইমান ভাল লাগিছে ন? ইয়াতে থাকি যাব পৰা হ’লে কি ভাল লাগিল হয়!” “হয় দিয়া, ৰাতি বতাহ-বৰষুণ আহিলে আৰু ভাল লাগিব”-সি হাঁহিলে, তাই মুখ ফুলালে। কি যে হ’ব এইজনীৰ! ছাতিকেইটাৰ ওচৰত দুখনমান আৰু ‘আই লাভ গুৱাহাটী’টোৰ ওচৰত দুখনমান চেলফি ল’লে সিহঁতে। তাৰপিছত পুখুৰীৰ পাৰে পাৰে বাওঁফালে আগবাঢ়িল। ল’ৰা-ছোৱালীবোৰ যোৰা পাতি বহি আছে। কিছুমানে ওচৰা-ওচৰিকৈ বহি কথা পাতিছে, কোনোবাটো যোৰাই এটাই আনটোৰ হাত দুখন ধৰি থৈছে, কোনোবাই আকৌ আন্ধাৰৰ সুযোগ লৈছে। তাইৰ লাজ লাগিল। সিহঁত এনেকৈ কেতিয়াও বহা নাই। এইফালেদি গৈয়ে প্ৰশান্তি ৰেষ্টোৰাঁৰ এণ্ট্ৰেন্সটোৱেদি ওলাই যোৱাৰ কথা। এবাৰ তাই তাৰ ফালে চালে, দেখিলে সিও তাইৰ ফালেই চাই আছে। “ভাল লাগে।” “কি?” “এনেকে তোমাৰ সৈতে খোজকাঢ়ি।” “ছি…চোৱানা। মোৰ লগতেই এইবোৰ হ’বলে পায় মানে। কি কৰিম এতিয়া!”-থেপেককৈ কিবা এসোপা পৰিল তালুখনতে, তাই কন্দনামুৱা হৈ ক’লে। গছবোৰত ঢেৰ চৰাই। সিহঁতে বিষ্ঠা ত্যাগ কৰিছে। “ৰ’বা, ৰ’বা”-জেপৰ পৰা ৰুমালখন উলিয়াই মচি দিলে সি। সিহঁত ইতিমধ্যে প্ৰশান্তিৰ ওচৰ পাইছেগৈ। ওপৰত প্ৰশান্তি, তলত ব’টিঙৰ টিকট ঘৰ। নাওবোৰো সেইখিনিতে আছে। টয়লেটৰ ওচৰতে থকা ৱাচিং বেচিনত বিষ্ঠাখিনি ধুই পেলালে তাই। সেইটো এণ্ট্ৰেন্সৰ টিকট দিয়া মানুহজনৰ ওচৰতে থকা লোহাৰ বেন্সখনতে দুইটা বহিল। ৰুমালৰ চাফা অংশটোৰে সি তাইৰ চুলিখিনি মচি দিলে। “হোঁ ল। ধুই দিবি এইখন”-সি ধেমালি কৰিলে। “দিয়া। কিন্তু কেনেকে দিম তোমাক? ৰাতি যাবাগেই দেখোন।” “থৈ দিবা। আকৌ আহিলে লৈ যাম। নহ’লে তুমিয়েই ৰাখি থ’বা।” “নাই নাই দেই। ৰুমাল দিলে ব্ৰে’ক আপ হয় বোলে। মই এইবোৰ ধুবও নোৱাৰো, থ’বও নোৱাৰো”-ৰুমালখন তাই ডাষ্টবিনত পেলাই দিলে। “উৱা! পেলাই দিলা কিয়?” “নহ’লে কি কৰিম? চৰাইকেইটাৰ কাৰণে এনেই এনেই আমাৰ ব্ৰে’ক আপ হ’বলে দিম নেকি কিবা?” “নহয় দে ব্ৰে’ক আপ। পাগলী ছোৱালী!”-সি হাঁহিলে। সৰু ফাণ্টা দুটা আৰু কুৰকুৰে পাফকৰ্ণ দুপেকেট কিনি আনিলে সি, দুইটাই খালে। “যাওঁ আৰু ব’লা। ছটা পঞ্চল্লিশ হ’ল। চাৰে সাতটা ইন টাইম। তোমাৰো যাবলেই হ’ব এতিয়া। বাছ চাৰে নটাত নহয় জানো? কফি চফি খোৱাই নহ’ল আজি”- সিহঁত বহাৰ পৰা উঠিল। ফুটপাথেৰে আগবাঢ়িল। আকৌ উজুটি খাই পৰিব খুজিলে তাই, সি থাপ মাৰি ধৰিলে। “খোজকাঢ়িবলে কেতিয়া শিকিবি কচোন”- মৰমেৰে সুধিলে। “নিশিকোঁ”-তাইৰ মুখত দুষ্টামিৰ হাঁহি। “কিয়?” “কথা এটা গম পালো আজি।” “কি?” “এনেই খোজকাঢ়োঁতেহে তুমি মোক হাতত ধৰিবলে নিদিয়া। পৰিব খুজিলেতো নিজেই ধৰিবা। সেইকাৰণে এতিয়াৰ পৰা মই মন গ’লেই উজুটি খাম।” “ঠিক আছে, হ’ব বাৰু”- সি হাঁহিলে।
হোষ্টেলৰ গেট পাই মানে সাত বাজি পঁচিশ মিনিট। সি যাবৰ সময়ত সদায় তাইৰ মুখখন কন্দনামুৱা হৈ পৰে। “যোৱা। আকৌ আহিমেই নহয় অহা মাহত। কফি খাম, চান চে’ট চাম দেই। আৰু কিবা এটা প্লেন কৰিব লাগিব ৰ’বা। এইবাৰ মই এদিন ফুৰিব পৰাকৈ আহিম।” “উম্”-ম’বাইলৰ ক’ভাৰ আৰু ম’বাইলটোৰ মাজত চেপেটা লাগি সোমাই থকা কাগজ এডোখৰ উলিয়ালে তাই। সেইডোখৰ তাৰ হাতত দি, আৰু একো নোকোৱাকৈ গেট খুলি সোমাই গ’ল। সি বুজে। তাৰো বেয়া লাগে। আজি অলপ দিন ধৰি সি তাইক তেনেকে সময়েই দিব পৰা নাই। দি ধাবাত কফি খোৱা নহ’ল আজি সিহঁতৰ। ষ্ট্ৰিট লাইটৰ পোহৰত কাগজডোখৰ মেলি চালে সি-“এসোপামান ভাল পাওঁ তোক।”