নীলা খামৰ চিঠি

……জ্যোতিপ্ৰসাদ ৰাজবংশী……

মৰমৰ গীতু…

পোন প্ৰথমে মোৰ মৰম লবা।তোমাক হৃদয়ৰ পৰা দিবলৈ শব্দৰ বাহিৰে মোৰ একোৱেই নাই। এমুঠি মৰম বুকুত বান্ধি তোমালৈ প্ৰেম পত্ৰ লিখিবলৈ ওলাইছো । আশা কৰো মোৰ প্ৰেম পত্ৰিকাৰ সুগন্ধিয়ে তোমাক এই প্ৰেমিকৰ কথা মনত পেলাই থাকিব আৰু আমাৰ ভালপোৱাৰ বান্ধোন চিৰ অমৰ হৈ থাকিব ।

“Dibrugarh University” নামটো শুনিলে মনত প্ৰেমৰ জোৱাৰ ভাহি আহে । নহবনো কিয় ? যিহেতু ইয়াতে হেজাৰ ডেকা গাভৰুৰ প্ৰেমৰ ভাস্কৰ্যকলাৰ মিলন ঘটিছে । নাহৰৰ তালে তালে প্ৰেমৰ গীত গাই ডেকা গাভৰুৰ দলবোৰে খোজে খোজ মিলাই University লৈ আহে । মই এতিয়া অভিযান্ত্ৰিক বিভাগৰ ছাত্ৰ । মোৰো মন যায় প্ৰেমৰ দুটি গান গাবলৈ, কোনোবা বিশেষ ব্যক্তিৰ লগত হৃদয়ৰ কথা পাতিবলৈ, মোৰ কবিতা শুনাবলৈ । কিন্তু তেতিয়া তোমাক লগ পোৱা নাছিলো । এদিন Class ত হঠাৎ তোমালে চালো… এক অচিনাকি ভাৱনাৰে তোমালৈ চাই থাকিলো । কেনেকৈ হ’ল কি হ’ল ধৰিব নোৱাৰিলো । মোৰ হৃদয়ৰ এন্ধাৰ কোঠাকেইতা প্ৰেমৰ জ্বালামুখীৰে প্ৰকাশিত হৈ উঠিল । তোমাক নিজৰ কৰি লবলৈ বাসনা জাগি উঠিল । তেতিয়াৰ পৰাই মোৰ হৃদয়ৰ চিত্ৰশালত তোমাক সজাই থলো ।

সিদিনা আমাৰ Workshop আছিল ।তুমি মই আৰু কাকতিয়ে কপি জমা দিবলৈ গৈছিলো । সেইদিনাখন তোমাক মই প্ৰথম “Hi” বুলি মাতিছিলো । মনত আছেনে তোমাৰ..? মোৰ হাতত থকা KurKure পেকেটতো তোমৰ লগত share কৰিলো আৰু দুআষাৰ মান কথা পাতিলো। তোমাৰ ফেন ফুটুকা হাহিয়ে মোৰ মন ফৰকাল কৰি তুলিছিল । মোৰ হৃদয়ৰ বেহেলা খনিত প্ৰেমৰ ঝংকাৰ উঠিছিল ।অৱশেষত ধনমনিৰ হতুৱাই তোমাক মোৰ মনৰ কথা কলো । তুমি ছাগে আচৰিত হৈছিলা যে মই তোমাক ভাল পাইছিলো। কিন্তু মোৰ কোনো আপত্তি নাছিল। এজাক ৰিব ৰিব বতাহে অৰণ্য এখন কপাব পাৰে কিন্তু তাক নিজৰ কৰি লব নোৱাৰে । ময়ো ছাগে তোমাৰ মনটোহে কপাব পাৰিলো কিন্তু নিজৰ কৰিবলৈ সমৰ্থ হোৱা নাছিলো ।

মই সহজে হাৰ মানিব খোজা নাছিলো । যিকোনো প্ৰকাৰে তোমাৰ ফোন নম্বৰটো ল’ব খুজিলো । কিন্তু কি আচৰিত তুমি মোক লগ কৰিবলৈ বিচাৰিছিলা । ময়ো সুবিধা পালো তোমাক মোৰ মনৰ কথা কবলৈ । ক্লাচ শেষ হোৱাৰ পিছত তোমাক লগ ধৰিলো । লাজ আৰু ভয়ৰ আঁচল মেৰাই তোমাক মই প্ৰেমৰ প্ৰস্তাৱ দিলো । আৰু তুমি এটি মিচিকিয়া হাঁহি মাৰি মোক দুবছৰ সময় খুজিলা । আৰু মই ‘NO BIG DEAL’ বুলি কৈ তোমাৰ পৰা আঁতৰি গ’লো । সেই মধূৰ দৃশ্যটো এতিয়াও মোৰ চকুত ভাহি উঠে ।

Universityত চাগে আকৌ এজাক কপৌৰ আগমন হ’বলৈ আছিল । সেয়ে তোমাৰ আৰু মোৰ মিলন হোৱাটো বাঞ্ছনীয় আছিল । ৭ চেপ্তেম্বৰৰ নিশা যেতিয়া ফোনৰ Receiver ত তোমাৰ ওঠৰ পৰা yes বুলি শুনিলো এই ব্যৰ্থ প্ৰেমিকৰ সপোনত জোনাক নামি আহিল । হেৰাই গ’লো নীলিম সাগৰৰ গভীৰতাত । সপোনৰ আলিবাটত আমাৰ কাৰেং সাজিবলৈ ল’লো ।

লাহে লাহে আমি প্ৰেমৰ সাগৰত নিজৰ নাওঁ মেলি দিলো । ইজনে সিজনক সহাৰি জনাই জীৱন যুদ্ধত জঁয়ী হ’বলৈ শপত খালো । মোৰ অমানিশা ৰাতিত তোমাৰ প্ৰেমৰ জোনাক জাকে পোহৰাই তুলিছিল । তোমাৰ চকুত ওলমি থকা অভিমানী বৰষুণ জাকত জিকিবলৈ মই আজন্ম ভোকাতুৰ হৈ থাকিম । তোমাক এদিন নেদেখিলে মোৰ দিন নাযায়, ৰাতি নুপুৱাই । বহুত ভাল পাওঁ জান তোমাক । মোৰ শব্দৰ মালাৰে আমাৰ প্ৰেমক প্ৰকাশ কৰিব নোৱাৰো । এৰি নাযাবা মোক কেতিয়াও । মোৰ নিচাযুক্ত তেজেৰে আমাৰ প্ৰেমৰ মহান কাহিনী লিখিম । তোমাৰ লগত মাৰ্কেটত চিনেমাকে চাম, নহয়বা ভুটীয়া মাৰ্কেটতে এপাক মাৰি দিম । ফুটপাথেৰে যেতিয়া তুমি চলি মেলি যাবা, চহৰখন চঞ্চল হৈ উঠিব আৰু নষ্টালজিক হৈ ৰ’ব হেজাৰ ডেকাৰ সমোনবোৰ । কিন্তু তথাপিও মই তোমাৰ হাত ধৰি আগুৱাই যাম ….গৈয়ে থাকিম যেতিয়ালৈ নাপাও আমাৰ সপোনৰ আলিবাট ।

মোৰ নিচিনা নাস্তিক আৰু মদাহী জনৰ প্ৰেমত পৰাটো তোমাৰ জীৱনৰ এটা অভিশাপ । মাদকদব্যৰ প্ৰতি থকা আসক্তিয়ে মোক তোমাৰ পৰা বহুত আতৰত লৈ যায় । কিয়বা নাজানো…. মোৰ পাপৰ অংশীদাৰ তোমাক কিয় কৰিলে ? মোৰ ৰূদ্ৰ খংটোয়ে ছাগে তোমাক বহুত আমনি দিয়ে। তুমি নকলেও মোৰ হৃদয় দুখতে কান্দি উঠে । কেতিয়াবা মন যায় বুকুখন ফালি মোৰ হৃদয়খন তোমাক উপহাৰ হিচাপে দি যাবলৈ । কিন্তু মানুহে তেতিয়া মোক হাঁহিব। প্ৰেমৰ জ্বালামুখীয়ে নুপুংখক নাস্তিকক বোলে শ্বহীদ কৰি পেলালে । শ্বহীহ হবলৈও সাজু থাকিম, কিন্তু তোমাৰ প্ৰেমৰ চাকি জুৰি নোমাই নহয়, গোতেই জীৱনটো তোমাক বিসৰ্জন দি। এবাৰ হিয়া খুলি হাঁহি দিবা, তোমাৰ ওঠৰ ৰদালিত জিলিকি থাকিম। মোৰ দুখৰ পাহাৰখনিত তোমাৰ গোলাপ ফুলিবলৈ কেতিয়াও নিদিও। অলপ বেছিকৈ ক’লো যদি মাফ কৰি দিবা…!!

তোমাক ভালপোৱাৰ পিছৰে পৰা বহুখিনি কথাই শিকিলো । আমোলাপত্তি, দুৱৰা চুক, চেতিয়া চুক আদি নামবোৰৰ মায়া বুজিবলৈ ধৰিলো । তোমাৰ মৰমৰ হোস্টেল,, জেউতি গাৰ্লছ হোস্টেল এখিলা উকা কাগজৰ দৰে যি ৰাতিৰ জোনাকী বতাহত নাচি উঠে। তুমি এখনি সৰু বিচনাত ভৰি কোচাই শুই আছিলা, স্বপ্নময় টোপনিৰ কোলাত, যেতিয়া জোনটোৱে তোমাক খিৰিকি ফাকেৰে চাই আছিল, সি লাজতে মেঘ এচাটিৰে মুখখনি ঢাকি দিছিল।এজাক চেঁচা কোমল বতাহে তোমাৰ চুলিখিনিৰ লগত ধেমালী কৰি আছিল। কিন্তু সিহঁতে নাজানে যে তোমাৰ বাগিছাখনিত কেবল মইহে ফুল চিঞিব পাৰো। তোমাৰ সপোনত মই কেতিয়াবা যাব পৰা হ’লে মৰিবলৈও সাজো হলোহেতেন ।

আৰু এনেকৈয়ে নানা ঘাত প্ৰতিঘাতৰ মাজেৰে আমাৰ জীৱনৰ গাড়ীখন আগুৱাই গৈ আছিল । সপোন আৰু দিঠকত কেবল তুমি আৰু ময় আছিলো… সপোন দেখিছিলো উৰণীয়া পখীহৈ দুয়োজনে দুৰ আকাশলৈ উৰি ফুৰাৰ,,, গোপনে সজতনে তোমাক মোৰ হৃদয়ত ৰখাৰ সপোন…মোৰ বুকুৰ মাজত লৈ উৰে ৰাতি উজাগৰে থকাৰ সপোন  দেখিছিলো ।

কবলৈ টো আৰু বহুত কথাই আছিল…কিন্তু এতিয়া যে কেবল তোমাৰ নামটো লৈহে জীয়াই আছো। আমাৰ সপোন বোৰো আধৰুৱা হৈ ৰ’ল.. কবলৈ বহুত কথাই থাকি গ’ল। মোক কেতিয়াও পাহৰি নাযাবা গীতু .. মোৰ হৃদয়ৰ প্ৰতিটো ভাজতে এতিয়াও কেবল তুমি… মোৰ সপোন দিঠক সকলোতে এতিয়াও কেবল তুমি… এতিয়াও সপোন দেখো তোমাক লৈয়ে… । কিন্তু এতিয়া চোন প্ৰতিটো সপোন আধৰুৱা…. You are the most special person in my life….. Wish you a very happy love life………..

তোমাৰ…… আকাশ

Share কৰক:

7 Comments

  1. আধৰুৱা প্ৰেমৰ কবিতা ভাল লাগিল পঢ়ি।

    1. Amr hei din bur ateao moi miss kru. .but poristiti e amk anekuwa kri dile….

  2. আধৰুৱা প্ৰেমৰ কবিতা ভাল লাগিল পঢ়ি।

  3. ?? শব্দবিহীন মই ভাই, এই যাযাবৰী জীৱনত তোৰ গীতু আমাৰ সকলোৰে মৰমৰ আছিল, এজনী খুব শুদ্ধ মনৰ ছোৱালী, খুবেই ভাল ক্লাছমেট্। আঁশা কৰিছিলো তহঁতৰ যাত্ৰা দীঘলীয়া হওঁক। কিন্তু….. এলাস, তোৰ এই ভাবনাৰ ঢৌ তোৱে এদিন হলেও তাইৰ উপত্যকাত উপনীত হওঁক। শুভ কামনাৰে..

  4. প্ৰেমে মাত্ৰ যন্ত্ৰণা হে দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *