…..ড° ইৰাণী হাজৰিকা…… সহকাৰী অধ্যাপিকা ………গুৱাহাটী বিশ্ববিদ্যালয়………
বাটতোত আগুৱাই গৈ থাকোঁতে
পিছত ৰৈ গৈছিল সময়বোৰ
অসময়বোৰ মুঠি মাৰি ধৰি৷
নষ্টালজি হৈ খেদিব পৰা নাছিল
মৰিচীকাবোৰে৷
চেনেহৰ জৰীডাল খামুচি
লগতে বাট বুলিছিল
কিছু ডুখৰীয়া স্মৃতি
সময়ৰ৷
যাযাবৰী পথিকৰ দৰে
আছিল সেই যাত্ৰা৷
সম্মুখত নাছিল কোনো লক্ষ্য
মনত নাছিল কোনো ঠিকনা৷
কেতিয়াবা ৰদে দহিছিল
কেতিয়াবা বৰষুণে ধুইছিল
কেতিয়াবা বৰফে পুতিছিল
কেতিয়াবা নিতাল ৰাতিয়ে গুজৰিছিল৷
দুয়োকাষে বাহৰ পাতিছিল নীৰৱতাই৷
নীৰৱতাবোৰৰ হাতত হাত থৈ
বাট বুলিছিলো অজান মুলুকলৈ
চিৰদিনৰ কাৰণে৷