…..অনুবাদক : দীপজ্যোতি বৰা….
…..অসমীয়া বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়…..
(১) বৰদান
ঐশ্বৰ্যৰ ছাঁত থোৱা
স্বৰ্ণ সিংহাসনত বহি থাকে
এজনী গৰ্ভৱতী,
দৃষ্টিত ক্ষুব্ধতাৰ এখন পথাৰ লৈ
ঈশ্বৰক মাগে মাথোঁ এটাই বৰদান,
পাষাণ হওক তাইৰ গৰ্ভৰ সন্তান!
(২) নৈশব্দৰ সিপাৰে
গছজোপা নিশব্দে আছে
মৌন হৈ আছে ডালৰ কপৌজনী,
সেই মৌনতাই জানো বসন্তক আদৰিব পাৰে!
তথাপি গছজোপা সুখী,
বহি থকা চৰাইজনীক দেখি।
(৩) গাঁৱৰ বাট
আধামৰা এটা বাট
গাঁৱৰ পৰা চহৰলৈ যায়,
চহৰৰ পৰা উভতাৰ পৰতো
গাঁওখন একেদৰে থাকে।
গাঁওখন একেদৰে থাকে
কাউ কাউ কৈ চিঞৰি থকা
এজাক কাউৰীৰ হৈ!
(৪) নদীখন আজি বৰ উদাস হৈ আছিল
নদীখন আজি বৰ উদাস হৈ আছিল
শুই আছিল নিজৰ বুকুতে মূৰটো থৈ,
নদীৰ উঠন বুকুত হাজাৰটা ঢৌ
বুকুখন ঢকা আছিল আকাশৰ সাজে
ময়ো নদীখনৰ টোপনি নাভাঙিলোঁ
সাৰ-সুৰ নকৰাকৈ উভতি আহিলোঁ!
৫) সম্ভোগৰ মুদ্ৰাত
সম্ভোগৰ মুদ্ৰাত থিয় হৈ আছে
এহাল পুৰুষ আৰু নাৰী
ৰাজপথৰ সোঁ-মাজত,
শালীনতাৰ আভৰণ খুলি
তেওঁলোকে কৰিছে আলিংগন
তেওঁলোকৰ দুচকুত সপোনৰ বীজ!
সেই সপোন সন্তানৰ
সেই সপোন নতুন যুগৰ…!
কবি পৰিচয়ঃ
হিন্দী সাহিত্যৰ জনপ্ৰিয় কবি কেদাৰনাথ অগ্রৱাল(১৯১১-২০০০) এজন প্ৰগতিশীল লেখক। একেধাৰে কবি, প্ৰবন্ধকাৰ, অনুবাদক অগ্রৱালৰ যুগ কি গংগা, ফুল নহী ৰং ব’লতে হেঁ, আগ কা আইনা, আত্মগন্ধ, অপূৰ্বা, পুষ্পদীপ আদিকে প্ৰমুখ্য কৰি প্ৰায় কুৰিখন কাব্য সংকলন প্ৰকাশ হৈ ওলাইছে। তদুপৰি, বিভিন্ন দেশৰ, বিভিন্ন ভাষাৰ, বিভিন্ন কবিৰ কবিতা হিন্দীলৈ অনুবাদ কৰি তেওঁ ‘দেশ দেশ কি কবিতা’ নামেৰে প্ৰকাশ কৰিছে। সাহিত্য অকাডেমি বঁটা আৰু চোভিয়েট লেণ্ড নেহৰু বঁটা হ’ল জীৱনৰ বিভিন্ন সময়ত বিভিন্ন বঁটাৰে বিভূষিত এইজনা কবি সাহিত্যিকৰ দুটা উল্লেখযোগ্য সন্মান।
(৬০০২১-০৬৮৯৫)