……মিৰ্জা হাছান……
ভালকৈ আজিও চাইকেল খন চলাব নাজানো জানা,কিন্তু তোমাক বহুৱাই লৈ মানালি যোৱাৰ হেপাঁহ,,
আৰ্থিক দীনতাই কোঙা কৰা সপোন বোৰ বুকুত বান্ধিয়েই যেনিবা কল্পনাৰ সাগৰত ডুবি যাঁও,দৰিদ্ৰতা মাথো নামহে মাত্ৰ,চ’ত মহীয়া বৰদৈচিলাই উদং কৰি যোৱা খেৰৰ জুপুৰিতোত আৰু কিমান সপোন দেখিম। দিন হাজিৰা কৰি পোহপাল দিয়া দেউতাৰ কপালৰ কেচা ঘামৰ টোপালবোৰত অলেশ অযুত সপোন…
আজি আকাশৰ তৰাবোৰে খাদ্যবিহীন থালখনত উজলি উঠিছে……
গাঁৱৰ কোনোবা মাষ্টৰে হেনো সাহায্য দিছে…জীয়াই থাকিবলৈ যেন যথেষ্ট সেয়াও নহয়…দৰিদ্ৰতাই কোঙা কৰা অসহায় জীৱনৰ সপোনৰ গজালি ভৱিষ্যত জ্যোতিস্ক হোৱাৰ হেপাঁহত বহুতো পৰিয়াল…
(এটি কাল্পনিক লেখা,দৰিদ্ৰতা য’ত আহ্বায়িত হয় হাজাৰতা সপোন)
ধুনীয়া লিখিছে।। পঢ়ি ভাল লাগিল।
ধুনীয়া লিখনি, আগুৱাই যোৱা ??