কাহিনীৰ কাহিনী

…..পৰীস্মিতা মধুকল্য……

কথাৰ পাকতেই গতি সলায় কাহিনীবোৰে।
কাহিনীয়ে পোৱালি মেলে।
এই যে কাহিনীবোৰো ইমান বিচিত্ৰ!
এটাৰ শেষ নৌহওঁতেই আৰু কেইটাই জন্ম পায় ঠিক নাই।
জন্মদাতা কাহিনীটোৰ আঁৰতো আৰু কত কাহিনী!
তাৰে কিছুমানহে জনা যায়, কিছুমান নজনাকৈয়ে থাকি যায়।
এইবোৰৰে কিছুমান সঁচা, একেবাৰে জীয়া।
কিছুমান মিছা।
কিছুমান আধা সঁচা, আধা মিছা।
কিছুমান আকৌ সঁচা নে মিছা ধৰিবই নোৱাৰি।
মুঠৰ ওপৰত চৌদিশে কেৱল এসোপামান কাহিনী অনৰ্গল ঘূৰি ফুৰে।
পকনীয়াত পৰি কাহিনীবোৰে কেতিয়াবা দিক্-বিদিক্ হেৰুৱায়।
কোনোবাটোৰ মৃত্যু হয়।
কোনোবাটো কাহিনী অমৰ হৈ পৰে।
কোনোবাটোৱে আকৌ টুপাই বুৰ মাৰে, ছেগ বুজি পিছত হঠাৎ ওলাই আহে।
তাৰপৰা পুনৰ সৃষ্টি হয় নতুন কাহিনীৰ।

এই কাহিনী-কাহিনীৰ ধামখুমীয়াত পৰিয়েই জীৱন আগবাঢ়ে,
এখোজ দুখোজকৈ লাহে লাহে।

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *