….চালিমা চিদ্দিকা…..(Salima Siddika)
বহুদিনেই হ’ল;দিনলিপি নিলিখা
হয়তো শব্দৰ অভাৱ,
হয়তো সময়ৰ,
সত্য জানিওঁ গান্ধাৰীৰ ভাওঁ ধৰি
নিজকে দি যাওঁ মাঁথো অজুহাত।
আচলতে কি জানা?
তুমিবিহীন মইজনী কাহানিবাই মৃত।
আতৰি গৈছিলা তুমি,অজানিতে..মনে মনে
ধৰ্ফৰাইচিলো মই,উচুপি উঠিছিলো
অসহায় পাখি কটা যোৱা চৰাইজনীৰ দৰে।
কলিজাটো যেন আজি স্পন্দনহীন
মাতাল নকৰে আৰু মোক..হাচনাহানাৰ সুবাসে।
আজন্ম প্ৰেমিকা আছিলো জানা,বৰষুণজাকৰ
বাউলী আছিলো পলাশ,মদাৰৰ ৰঙাৰ
ছেহ্;আজিকালি চোন একোই ভাল নলগা হ’ল॥
মনত আছেনে তোমাৰ?সেই ৰঙা ক্ৰিচেনথেমাম্ জোপা
আমাৰ মৰমৰ সাক্ষী কৰি আলফুলে ৰোৱা।
তাত আজিও ফুল ফুলে,
বতাহত হালে জালে,
প্ৰতিটো ৰঙা পাপৰিয়ে মোৰ বুকুত,
কেক্টাচৰ কাঁইটে বন্ধা দি বিন্ধে॥
থাকক দিয়া,নিলিখো দিনলিপি
কেতিয়াবা মানুহে দেখিব,দেখি ভেঙূচালি কৰিব।
এই বিৰহিনী দেৱদাসীৰ গাঁথা,
ছন্দ নিমিলা কবিতা;
সোৱৰণী হৈয়েই জীয়াই থাকক
মোৰ বুকুৰ কেঁচা নিভাজ ভালপোৱা।
কিছু কথা মাথো থাকি যাব;
হৈ এক ….দিনলিপি নিলিখা॥