…..গীতাঞ্জলি গগৈ…..
ৰিম্ ৰিম্ বতাহজাকে চুই গ’ল আলফুলে
বতাহজাকৰ সতে খেলা কৰা মোৰ
চুলিখিনিয়ে…
যেন তোমাৰে কথা কৈ গ’ল কাণে কাণে
হেইযে তুমি আঙুলি বোলাই দিছিলা মোৰ
কোলাত শুই
তোমাৰ তিৰবিৰাই থকা সেই চকু দুটি
ইমান গভীৰ
যেন মাজ নিশাৰ বলিয়া জোনাক
হেৰাই যাব খোজো মই সেই গভীৰতাত
উভতি অহাৰ ঠিকনাটো নালাগে মোক
জানা…
মই যে বিলীন হ’ব খোজো তোমাৰ দুচকুৰ গভীৰতাত…