Boyfriend নহয়, এজন প্ৰকৃত সংগীৰ প্ৰয়োজন

….ডেইজী কলিতা….

মোক কোনো Boyfriend নহয়, এজন প্ৰকৃত সংগীৰ প্ৰয়োজন..!
কোনো সন্ধিয়া সংগীতৰ লয়ত বিলীন হৈ long driveত যাবলৈ বিচৰা জন নহয়,  মোৰ হাতত হাত থৈ একেলগে খোজকাঢ়ি ভালপোৱা এজন লগৰীৰ প্ৰয়োজন।

ফুলৰ থোপা উপহাৰ দিয়া নহয়, মোৰ লগত প্ৰতিজোপা ফুলৰ প্ৰতিপাল কৰা এজন সংগীৰ প্ৰয়োজন।
মোক নিজতকৈও বহুত বেছি ভালপোৱা পাগল প্ৰেমিক নহয়, মোৰ সকলো সম্পূৰ্নতা-অসম্পূৰ্ণতা হাঁহি মুখে স্বীকাৰ কৰা এজন অনুৰাগীৰ প্ৰয়োজন।

প্ৰেমৰ ৰাগীত মতলীয়া হৈ আঙুলিৰ পৰশেৰে মোৰ দেহৰ ভাঁজ বোৰ হিচাপ কৰিব বিচৰা জন নহয়, মোৰ সৈতে নৈৰ পাৰত বহি জোনাক ভৰা আকাশৰ তৰা গণি ভাল পোৱা জনৰ প্ৰয়োজন..!

অতীতৰ পৃষ্ঠা বোৰ খুচৰি মোক Judge কৰা নহয়, মোৰ লগত মোৰ বৰ্তমান উপভোগ কৰা আৰু মোৰ ভৱিষ্যতৰ প্ৰতিটো খোজত  মোক সাহস আৰু প্ৰোতসাহিত কৰা এজন পথপ্ৰদৰ্শকৰ প্ৰয়োজন..।

তুমি মৰিলে মইও মৰিম আৰু তুমি খালেহে মইও খাম বুলি কোৱা জন নহয়, জীৱন বাটৰ সহযাত্ৰী হবলৈ আকপতে স্বীকাৰ কৰা এজনৰ প্ৰয়োজন;

মোক কোনো Boyfriend নহয়, এজন সহচাৰিৰ প্ৰয়োজন।

যিজনে কথাই কথাই Break up কৰাৰ কথা কোৱাৰ বিপৰীতে, প্ৰতিখন কাজিয়াৰ পিছত মোক বুকুৰ মাজত সোমাই লৈ আজীৱন এনেদৰেই কাজিয়া কৰি যাম বুলি আব্দৰ কৰে;

যিয়ে কেৱল Emojis আৰু Symbols ৰে আৱৰা message  নহয়, মোৰ লগত আমাৰ Future Plans Discuss কৰাটো সমানেই আগ্ৰহী হৈ উঠে;

….যিজনে  WhatsApp Status, Instagram Stories বোৰ চাই মোৰ খবৰ ৰখা নহয়, মোৰ কাষত বহি আমাৰ দিনটোৰ সৰু বৰ ঘটনা বোৰ আলোচনা কৰিব বিচাৰে;

..যিজনে  মোক মৰমৰ দোহাই দি বান্ধোনত আবদ্ধ ৰাখি নহয় মোৰ মুক্ত মনটিৰ লগত প্ৰেমত পৰে;
..যিজনে  CCD ৰ Coffee নহয়, ৰাস্তাৰ দাঁতিত থকা সৰু দোকান খনৰ গাখীৰ চাহ ৰ সোৱাদ লবলৈ বেছি ভাল পাই;

কেৱল Shopping Mall ত Shopping কৰাই নহয়, ফেঞ্চিবজাৰ আৰু গণেশগুৰিৰ Footpathৰ বজাৰত একেলগে দৰ দাম কৰিবলৈও ভাল পাই,
যিজনে মোক মাত্ৰ হিয়া উজাৰি ভাল পোৱাই নহয়, কেতিয়াবা মোক হেৰুৱাই পেলোৱা ভয় এটাও অহৰহ বুকুত কঢ়িয়াই ফুৰে..!

Virtual জগত খনৰ Showoff বোৰৰ পৰা দূৰত, মোক Real Life ত সঁচা প্ৰেমৰ অনুভৱ কৰোৱা এজন লাগে;
মোক এজন boyfriend নহয়, মোৰ জীৱন নাটৰ অভিনেতা জনৰ প্ৰয়োজন,
এজন সুখ দুখৰ লগৰীৰ প্ৰয়োজন;
লগৰীৰ ৰূপত এজন প্ৰকৃত বন্ধুৰ প্ৰয়োজন…।

Share কৰক:

8 Comments

  1. Bohiya hoise… Just loved it..

  2. বহুত ধুনীয়া লিখনী…. এনেকুৱা আৰু পঢ়িবলৈ পাম বুলি আশা কৰিলো …

  3. ভাল লাগিল পঢ়ি…
    just loved it… dzy

  4. Khub vl hoise Daisy baa,lixi jba anekoia..asha koru tmi tmr antar r sangi jon mon ye bisara dhorone puaa..

Leave a Reply

Your email address will not be published. Required fields are marked *