…কল্পজ্যোতি ৰায়….
।। পাহাৰটো ।।
-ইমান ওখ পাহাৰ বাৰু
কেনেকৈ বগায় মানুহে
-পাহাৰ বগাবলৈ পালোৱান এটা হ’ব নালাগে নহয়
মনটোহে লাগে
-হ’ব পাৰে । মই নাজানো
-তুমিনো কি জানা । বহুত কিবাকিবি জানা
কিন্তু এই সৰু সৰু কথাবোৰেই নাজানা
-মইতো নিজকেই ভালকৈ নাজানো
-পাহাৰ বগাবলৈ পালোৱান হ’ব নালাগে
মনটোহে লাগে – কথাটো সঁচা নেকি বাৰু
-অ’ নহয় যোৱা । হুহ
।। মেঘবোৰ ।।
-লাহে লাহে । সাৱধানে খোজ দিবা
-মই কিবা সৰু ছোৱালী নেকি
-পাহাৰ বগোৱাটো অৱশ্যেই
সৰু ছোৱালীৰ কাম নহয়
-পাহাৰটো ইমান বেয়া ।
মই ভবাৰ দৰে নহয় ।
খলা-বমা । একাবেকা । কাঁইটীয়া ।
মোৰ ভৰি বিষাইছে । আমনি লাগিছে ।
মই নোৱাৰিছোঁ আৰু
-পাহাৰ বগাবলৈ মনটোহে লাগে বুলি
কোনে কৈছিল বাৰু !
-থোৱা কৈছিলো আৰু ।
মই ভালকৈ নাজানিছিলোঁ
-চোৱা চোৱা….মেঘ…মেঘ
সৌৱা মেঘবোৰ উৰি আহিছে…
আৰু অলপ দূৰ সৌটো পাহাৰৰ টিং
-ৱাহ !!! ইমানবোৰ মেঘ…বগা মেঘ…
ধুনীয়া মেঘ । আলফুল মেঘ ।
চোৱা চোৱা । হাতদুখন মেলি দিয়া
আৰু মেঘবোৰ চুই চোৱা…
ৰ’বা মই মেঘবোৰ তুমাৰ গালৈ দলিয়াই দিওঁ ।
-না-না । মেঘবোৰক কেৱল চুই চোৱা ।
আলফুলে । দুখ পালে আঁতৰি যাব ।
আৰু ঘুৰি নাহিব ।
-ইমান ধুনীয়া এই বগা বগা মেঘবোৰ কাৰ বাৰু !
-মেঘবোৰ পাহাৰৰ । পাহাৰটো মেঘবোৰৰ…
মেঘবোৰেই বৰষুণ হৈ পাহাৰৰ গাত
বৰষি আছে চিৰকাল ।
-অ’ অ’ ।
তাৰমানে তুমি এই পাহাৰটো
আৰু মই এই মেঘবোৰ ।
নহয়নে ?
খুব ধুনীয়া কল্প দা?