চিচিফাচৰ সৈতে একাপ চাহ

…..মৈত্ৰেয়ী কোঁৱৰ….

পানবজাৰৰ ফুটপাথত বহি আছে চিচিফাচ । মলিন বিবৰ্ন হাতত  এটা জলন্ত চিগাৰেট ।আনখন হাতত সেই প্ৰকাণ্ড  শিলটো । মই আগুৱাই গলো । চাৰিওফালে ধুঁলি-বালি, দুৰ্গন্ধ, চিঞৰ বাখৰ, মাজে মাজে নতুন কিতাপৰ সুগন্ধ ।মাজে মাজে সন্দিকৈ, বস্টনৰ ৰঙীন সমদল ।

সমদলৰ হৰ্ষউল্লাসত নুমাই যাব খোজে চিচিফাচৰ হাতৰ চিগাৰেট । মই আগুৱাই গলো ।মই জানো চিচিফাচ ইয়াত আৰু বেছি সময় বহি নাথাকে ।এটা চিগাৰেটৰ আয়ুখ ৰ সমানহে চিচিফাচ ৰ আৰাম কৰাৰ সময়, বিলাসিতাৰ সময় ।অলপ সময় বেছিকৈ বিলাস কৰাৰ তিব্ৰ ইচ্ছাতেই হয়তু চিচিফাচে চিগাৰেটটোত কিছু লাহেকৈ টান মাৰিছে ।

চিচিফাচ : আহিলি?

মই : অ ।

চিচিফাচ : বিছাৰি পালিনে?

মই : নাপালো । গোটেই পানবজাৰ, দিঘলী পুখুৰীৰ পাৰ,আনকি ৰাধিকা পাৰ্কতো চাই আহিলো; নাপালো । (দুখেৰে ক’লো)

চিচিফাচ: উম ।

মই : তই আজি অলপ বেছি সময় মোৰ লগত বহিবিনে?

চিচিফাচ : কিয়?

মই : তোক একাপ চাহ খুৱাব মন গৈছে,লগতে ৰেৱতীৰ এক প্লেট চিকেন চাওমিন ।

চিচিফাচ : (শিলটো দেখুৱাই) মোৰ কাম আছে ।

মই : আজি বাদ দে । এদিনহে । কাইলে অভাৰ টাইম কৰি লবি ।

হঠাতে মোৰ কানৰ কাষতে এটা প্ৰকান্ড অট্যহাছ্য শুনি চক খাই উঠিলো ।ফুটপাথেৰে গৈ থকা যুৱতীজনীৰ পৰা মোৰ দৃষ্টি ঘূৰি আহি হাঁহিটোৰ পিনে নিবদ্ধ হ’ল । দেখিলো চিচিফাচ হাঁহি হাঁহি ফুটপাথৰ লেতেৰাবোৰৰ মাজত বাগৰি পৰিছে । এহাতে শিলটো আৰু আনহাতে জলন্ত চিগাৰেটটো ।

মই : হাঁহিবলৈ কি হ’ল? (অলপ খঙেৰে ক’লো?

চিচিফাচ : তই মহানগৰীৰ বাসিন্দা হৈ গৈছ । হাঃ হাঃ মধ্যবিত্তীয় সুবিধাবাদী মহানগৰীৰ বাসিন্দা ।

মই : নহৈ  উপাই নাই । বোকাৰ মাজত বোকা নলগোৱাকৈ থাকিব পাৰি নি? (অলপ উস্মতাৰে কলো)

চিচিফাচ : কিহৰ কাৰনে নোৱাৰি? বাৰু তই যে সদায় সদায় অভিযানৰ নামত পানবজাৰ দিঘলী পুখূৰী কৰি আছ,তই কি ভাব, তই কি সফল হ’বি?

মই : নাজানো । কিন্তু সফল হম বুলিয়ে এই অভিযান চলাইছো আৰু সফল নোহোৱালৈ এই অভিযান বন্ধ নকৰো । গতিকে তই কব নোৱাৰ যে মই অসফল হম । অবশ্যে মই তোক এই অভিযান কিমান দীঘলীয়া হব সেইটো কব নোৱাৰো । হয়তু মোৰ মৃত্যু পৰ্যন্ত ইয়াৰ আয়ুস হব পাৰে ।

চিচিফাচ : হুম……। (চিচিফাচ চিন্তাত নিমগ্ন হ’ল ।কি বা চিন্তা, মই কব নোৱাৰিম অৱশ্যে)

লাহেকৈ চিচিফাচ যাবলে উঠিল । এহাতত কেকোজেকোকৈ তুলি ললে প্ৰকাণ্ড  শিলটো । মুখত তাৰ হাঁহি । চিচিফাচক চাহ চাওমিন খুওৱা নহ’ল । চিগাৰেট এটাৰ আয়ুসৰ সমান হে তাৰ আজৰি সময় । লাহে লাহে চিচিফাচ জাহাজঘাটৰ ফালে গুছি গ’ল । সদায় চিচিফাচ এই নিৰ্দষ্ট ঠাইটুকুৰাতে চিগাৰেট হুপিবলৈ আহে ।কেতিয়াবা মই লগ পাও, কেতিয়াবা নাপাও । কাৰন মই সদায় তালৈ নাযাওঁ । চিচিফাচ মোৰ ফুটপাথৰ চিনাকি বন্ধুহে । মইও মোৰ অভিযানত মনোনিবেশ কৰিলো । এইবাৰ মোৰ অভিযানৰ স্থান ৰবীন্দ্ৰ ভৱন । তাত পৰিবেশন হ’ব হিমাংশুৰ Myth of Sisyphus.

পাঠকে হয়তু ভাবিছে, মোৰ কি অভিযান । কিহৰ সন্ধান মই কৰি ফুৰিছো । চিচিফাচ ৰ কথা অবশ্যে আপোনালোকে নাভাৱিব । পাহাৰত দশল কৰি থোৱা মাটিডোখৰত ঘৰ এটা বান্ধিম বুলিয়ে আজি দহ বছৰে এই প্ৰকাণ্ড  শিলটো সি সুৰক্ষিত কৰি ৰাখিছে ।তাৰ ভাব, তাৰ জমা পইছা কিছু বাছি যাব । মলিন, বিবৰ্ন মুখৰ আৰত চিচিফাচৰ এয়াই একমাত্ৰ সপোন । আৰু কিবা সপোন আছে যদিও মই নাজানো, মোক কোৱা নাই । মোৰ বাবে সি কেৱল চিচিফাচ ।

মোৰ অভিযানৰ বিষয়ে অবশ্যে আপোনালোকৰ যেনেদৰেই ইচ্ছা তেনেদৰেই ভাৱিব পাৰে । কাৰন সকলোৱে নিজশ্র ভাবেই সকলো ভাবে, অনুমান কৰে । সেয়া আপোনালোকৰ স্বাধীনতা । মোৰ অভিযান চলিয়েই আছে ।গতিকে অনুমান কৰিব ললে আপোনালোকে আৰু বহুতু ক্লু পাব ।

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *