কুৰি শতিকাৰ আবেগ সস্তীয়া…!!

……✍️ বিদিশা পৰাশৰ,জ্ঞানদাভিৰাম বৰুৱা আইন মহাবিদ্যালয়…..

জোৰোণ আহিব…
তাইয়ো সুখৰ দুখৰ দুটোপাল চকুলো লৈ বৰঘৰৰ পৰাই কিছু আধৰুৱা ৰূপত ওলাই আহিব…
আয়ে বিনাব,,
পিতায়েও ফেকুৰিব….
সি পঠোৱা সেন্দুৰকণ লৈ তাই সম্পূৰ্ণ হৈ সিহঁতৰ হব।।

বিয়াৰ দিনটোত হেজাৰ ব্যস্ততাৰ মাজতো পিতায়ে গলৰ গামোচা খনেৰে লুকাই লুকাই চকুলো মচিব।।
আয়ে দায়িত্ববোৰ সিদিনা গধূৰ হৃদয়খন লৈয়েই একেথৰে পালি যাব।।
আৰু তাই হেজাৰটা হাঁহিৰে আলহীক সম্বোধন কৰিও তাইৰ আই পিতাইলৈ চাব নোৱাৰিব…. যেন তাইৰ কলিজাটো গলি সাগৰ হে বব।।

এন্ধাৰবোৰ নামি আহিব আৰু লাহে লাহে গভীৰ হব….!!
অপেক্ষাত অধীৰ হোৱা দুচকুবোৰ চকুলোৰে দুগুণ গধূৰ হবগৈ।।

আপোনবোৰক লগত লৈ সি ও আজি দায়িত্বশীলজন হৈ তাইৰ বাটৰ মূৰত থিয় দিব…
কিমান যে হেঁপাহ বুকুত বান্ধি আহিছে সি তাইক লৈ যাবলৈ,,
আৰু তাইও কিমান অধীৰ সেই হেপাঁহবোৰৰ সমভাগী হবলৈ!!

আজি কলৰ গুৰিত নতুন আলহীৰ বৰ আব্দাৰ…….
খুৰাৰ ছোৱালীয়ে দুহাতেৰে তাৰ দুভৰি তিয়াইছে,,
দাদায়ে আদৰেৰে দাঙি চোতালৰ মাজ মজিয়াত বহাইছে….
আৰ কাপোৰেৰে তাইক ঢাকি তাৰ কাষতেই বহাইছে….
দাও দাওকৈ হোমৰ জুই জ্বলিছে আৰু মন্ত্ৰধ্বনিয়ে চাৰিওফালৰ পৰিবেশ পবিত্ৰ কৰি তুলিছে ….
ভাইটিয়ে চকুলো সামৰি সামৰিয়েই বুকু উদঙাই আখৈ তুলি গোত্ৰ চিঙি তাইক তালৈ বুলি গতাই দিছে।।

আৰু পুৱতি নিশা তাই অত দিনে সজাই ৰখা চেনেহৰ ঘৰখন এবাৰো ঘূৰি নচোৱাকৈ এসাগৰ বেদনা বুকুত বান্ধি অচিনক আদৰি লোৱাৰ বহু হেঁপাহেৰে বাট লৈছে…………..

এনেকৈয়েটো আৰম্ভ হয়গৈ বৈবাহিক জীৱনবোৰ…..
কিন্তু আজিৰ এই আধুনিকতাৰ শিখৰ স্পৰ্শ কৰা জীৱনবোৰে বিশাল চিন্তাধাৰা আৰু মনোভাৱৰ কথা কব গৈ এটি কলমৰ চহীত স্তব্ধ কৰি দিয়ে সেই আবেগপূৰ্ণ অতীতবোৰ..!!

ইমানেই সস্তীয়া নে আইৰ আবেগ..??
যিয়ে তোমাৰ সুখৰ সংসাৰৰ স্বাৰ্থত তোমাৰ বিদাই বেলাত আজোককাৰ দিনৰ নিয়মৰ খাটিৰত পিছৰ চোতালত অকলেই বহি ৰয়??
ইমানেই সস্তীয়া নে জাউৰি জাউৰি বিয়ানাম গাই পিন্ধোৱা সেইকণ জোৰোণৰ সেন্দুৰ…..??
ইমানেই সস্তীয়া তোমাৰ ভাইৰ আবেগ??
যিয়ে বাৰে বাৰে চকুলো সামৰি আখৈ তুলি তোমাক নতুন জীৱনলৈ বুলি শুভকামনা জনায়…??
ইমানেই সস্তীয়া তোমাৰ দেউতাৰ আবেগ???
গোটেই জীৱনজুৰি সমস্যাবোৰৰ সমাধান অকলেই কৰি তোমাৰ আগত কাহানিও হাৰি নোযোৱা তেওঁজনে ভাগৰি যায় সিদিনা তোমাৰ আগত……!!
আৰু তুমি…??
তোমাৰ আৱেগবোৰৰ কি??
সামান্য এটা কলমৰ মুখত এনেকৈ নিঃশেষ হৈ যায়???

অকণমান বুজিব নোৱাৰিনে…??
আৰু অকণমান বুজাব নোৱাৰিনে…???

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *