২০’ৰ কথা

……হিমাদ্ৰী চৌধুৰী…….

কেঁচা জোনটো

তজবজীয়া হৈছে,

তামোল পাঁতৰ আঁৰত

মৃত্যুৰ ঘন উশাহ ।

 

ঢোলৰ কলিজা সেৰুৱা শব্দ

১৮ শ চনৰ ডাৱৰীয়া বতাহ ।

 

ঢুলীয়াৰ মনটো নগ’লে হেনো

জোনৰ পোহৰৰ দৰে (!)

 

কেঁচা জোনটোৰ বাঢ়ি অহা

তেজ লগা পোহৰ,

ৰাঙলী বুঢ়ীৰ পিৰালিত

ভোকটোৱে আঠুকাঢ়ি বহিছে ।

 

ভোকটোৱে লাহে লাহে বৰণ সলাইছে

ঠিক কেঁচা জোনটোৰ দৰে !

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *