……ড˚ চিত্তৰঞ্জন দাস…….
আপুনিয়েই কথাষাৰ কওক
যিষাৰ কথা ক’ম ক’ম বুলি
ভাবি আছে আপুনি
সেইষাৰ তেওঁৰো কথা
আপুনি ক’লেই তেওঁ তেওঁৰ
সহজ সোঁহাত আগবঢ়াই দিব
চকু জপাই চালেই গম পাব
দুয়োখন হাতৰ মাজত
আৰু দহখন হাতৰ চাপ
এই এটা চাপৰ বাবেই সময় ৰৈ আছে
ইতিহাসে উকা কৰি ৰাখিছে
পৃষ্ঠাৰ পিচত পৃষ্ঠা
তৰোৱাল অথবা অগ্নি একোকে নালাগে
ফুল পাতৰো প্ৰয়াজন নাই
আচলতে আখৰো নালাগে
কেৱল কণ্ঠ পৰিষ্কাৰ কৰি আপুনি কথাষাৰ কওক
সেইষাৰ কথা যিষাৰ কথা আপোনাৰ নহয়
আপোনাৰ ভিতৰৰ মানুহটোৰ কথা
ভয় লাজ সন্দেহ সংকোচ অথবা ভণ্ডামীৰ আৱৰণে
যিষাৰ কথা
আপোনাৰ সুদৃশ্য পোছাকে
আপোনাক আপোনাৰ পৰা আঁতৰাই ৰখাৰ দৰে
আপোনাৰ পৰা আপোনাৰ আদেশতে লুকুৱাই ৰাখিছে
আপুনি মৰাৰ আগতেই যিষাৰ কথা
মৰি যাব বুলি আপুনি ভয় খাইছে
কথাষাৰ কওক
যিষাৰ আপোনাৰ কথা
মোৰো কথা